ভাড়াঘৰৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ

ভাড়াঘৰৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ

ডিজিটেল ডেস্কঃ দুধনৈ থানা তথা দামৰা আৰক্ষী চকীৰ  অন্তৰ্গত বাখ্ৰাখুঁটীৰ এটা ভাড়াঘৰৰ কোঠাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য ৷ শুকুৰবাৰে পুৱা ভাড়াঘৰৰ মালিকে গেলমু চেৰ্পা নামৰ মহিলা গৰাকীক বিচনাত বাগৰি থকা অৱস্থাত দেখা পায় ৷ তাৰ পিছতে মহিলা গৰাকীৰ প্ৰেমিকক খবৰ দিয়ে।

তাৰপাছতে গোৱালপাৰাৰ ৰংজুলি মাজপাৰাৰ ধীৰাজ হাজোৱাৰী নামৰ লোকজন আহি মহিলাগৰাকীক এখন বলেৰ’ বাহনত উঠাই দুধনৈ চিকিৎসালয়লৈ নিয়ে ৷ কিন্তু চিকিৎসকে মহিলা গৰাকীক মৃত ঘোষণা কৰে।

ঘটনা সন্দৰ্ভত দুধনৈ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে আৰু মহিলা গৰাকীৰ সহজ মৃত্যু নহয়, এয়া হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে ৷ ঘটনাস্থলীত উপস্থিত হৈছে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তৰ লগতে বৃহৎ এক আৰক্ষীৰ দল ৷ ঘটনাস্থলীত গোৱালপাৰাৰ অপৰাধ অনুসন্ধান বিশেষ গোটৰ দলটোও উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ ঘটনাস্থলীলৈ আহিছে জিলা উপ আৰক্ষী অধীক্ষক গৰাকীও ৷

উল্লেখ্য যে, বিগত এটা বছৰ ধৰি মহিলা গৰাকী নিজ সন্তানৰ সৈতে বাখ্ৰাখুঁটীৰ ৰীনা ৰাজবংশী নামৰ মহিলা গৰাকীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ৷ মহিলা গৰাকী পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও স্বামীৰ সৈতে প্ৰায় ৯ বছৰ পূৰ্বে বিবাহ বিচ্ছেদ ঘটিছিল ৷ তাৰ পিছতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ধীৰাজ হাজোৱাৰীৰ সৈতে ৷ 

ভাড়াঘৰৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ
নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ আৰক্ষীৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in