মুন্না ভাই MBBS! ভুল চিকিৎসাৰ বাবে প্ৰাণ হেৰুৱালে গৰ্ভৱতী মহিলাই…

মুন্না ভাই MBBS! ভুল চিকিৎসাৰ বাবে প্ৰাণ হেৰুৱালে গৰ্ভৱতী মহিলাই…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ বকোৰ তামুলদিত দেওবাৰে সংঘটিক হয় চাঞ্চল্যকৰ ঘটনা। ভুৱা চিকিৎসাৰ বলি হ'ল এগৰাকী গৰ্ভৱতী মহিলা । প্ৰসৱ কৰিবলৈ যাওঁতে মৃত্যু মহিলাৰ।

Advertisment

নিহত মহিলাগৰাকী জামিৰণ নেচা (৩২) বুলি জানিব পৰা গৈছে। নিহত মহিলাগৰাকীৰ ঘৰ ছয়গাওঁৰ বাতাহিদিয়াৰ মাগুৱাবিলত। মুন্না ভাই MBBS ৰূপী এগৰাকী ১০৮ এম্বুলেঞ্চৰ চালকে দীৰ্ঘদিন ধৰি চলাই আহিছে অবৈধ বেহা। ধৃত ইব্ৰাহিমে নিজ গৃহতে চলাই আহিছে অবৈধ বেহা।

জানিব পৰা মতে বৰ্তমান অভিযুক্ত ইব্ৰাহিম আলী পলাতক। প্ৰাপ্ত তথ্য মতে নিহত মহিলা গৰাকীক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা GMCH লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ধৃত ইব্ৰাহিম আলীয়ে মতাই আনি চিকিৎসা কৰে তেওঁৰ গৃহত।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত বাতাহিদিয়াৰ কালাতলীৰ এগৰাকী আশাকৰ্মীক আটক কৰিছে বকো আৰক্ষীয়ে।আটক কৰা মহিলাগৰাকী মনিয়াৰা বেগম বুলি জানিব পৰা গৈছে।জানিব পৰা মতে আশা কৰ্মী গৰাকীয়ে গৰ্ভপাতৰ বাবে ভূক্তভোগীৰ পৰা ১০ হাজাৰ টকা লৈছিল।সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰফৰেষ্ট গ্ৰীণ জ'নৰ আঁচনি…

assam dead