ভূঁই ৰুই থকা অৱস্থাত ব্ৰজপাতত মহিলাৰ মৃত্যু

ভূঁই ৰুই থকা অৱস্থাত ব্ৰজপাতত মহিলাৰ মৃত্যু

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, ওৰাং; মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত কিষাণপুৰ গাঁৱত শুকুৰবাৰে দুপৰীয়া পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰ পৰি এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে কিষাণপুৰ গাঁৱৰ নিবাসী প্ৰয়াত নগেন ব্ৰহ্মৰ অবিবাহিত ছোৱালী নিমাই ব্ৰহ্মই (৪৫) দিনৰ প্ৰায় ১২ মান বজাত নিজৰেই পাঠকপুৰ গাঁৱত থকা খেতি পথাৰত ভূঁই ৰুই আছিল।

Advertisment

তেনেতে প্ৰচন্দ শব্দ কৰি ভূঁই ৰুই থকা পথাৰখনতে বজ্ৰ পৰে আৰু ঠিতাতে নিমাই ব্ৰহ্ম পথাৰত ঢলি পৰে। পথাৰখনৰ আনটো মূৰত পথাৰত আলি দি থকা ভায়েকে বাইদেউৰ কি হৈছে বুলি দৌৰি গৈ বায়েক নিমাই ব্ৰহ্মক মৃত অৱস্থাত পায়। এই খবৰ পোৱা মাত্ৰে গাওঁ খনত হুৱা-দুৱা লাগে আৰু লগে লগে স্থানীয় লোকে মাজবাট আৰক্ষীক খবৰ দিয়ে।

মাজবাট আৰক্ষীয়ে পিছত ঘটনাস্থলীত উপস্থিত হৈ নিমাই ব্ৰহ্মৰ মৃতদেহটো মাজবাট থানালৈ আনি আবেলি ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালৰ লোকক চমজায় দিয়ে।

আৰু পঢ়ক: SOP! অবৈধ কোৰবানী বন্ধ, আইন মানি সকলোৱে ৰক্ষা কৰিব পাৰিব পৰম্পৰা…

assam orang