পানীত পৰি মহিলাৰ সলিল সমাধি…

পানীত পৰি মহিলাৰ সলিল সমাধি…

author-image
asomiyapratidin
New Update
পানীত পৰি মহিলাৰ সলিল সমাধি…

ডিজিটেল সংবাদ, মৰিগাঁও: বৃহস্পতিবাৰে মৰিগাঁও সমীপৱৰ্তী টেঙাগুৰি কালৰ্ভাটত বিজয়া বৰদলৈ (৪৩)নামৰ এগৰাকী মহিলাৰ সলিল সমাধি।

Advertisment

ঘটনাৰ বিৱৰণী মতে মৰিগাঁও সদৰ আৰক্ষী থানা তথা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰিত বৃহস্পতিবাৰে প্ৰায় দহ মান বজাত পথাৰলৈ চাহ জলপান দিবলৈ যোৱাৰ সময়ত পিছলি পৰাত কালৰ্ভাটৰ পানীৰ সোঁতে উটুৱাই নি দ পুখুৰীত পৰি তিনি সন্তানৰ মাতৃ গৰাকী সন্ধানহীন পৰে।

স্থানীয় প্ৰত্যক্ষদৰ্শীৰ সহযোগত উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে মৰিগাঁও ছহীদ তিলক,হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।এই ঘটনাই সমগ্ৰ টেঙাগুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়ক: জখলাবন্ধাত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

assam morigaon