/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5190b8b8-a4ac-4b42-9d9f-2230f9ec9355/download.jpg)
ডিজিটেল ডেস্ক: গুৱাহাটীৰ নিচামুক্তি কেন্দ্রত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
খাৰঘূলীৰ ফেইথ ফাউণ্ডেচন ৰিহাব চেন্টাৰত সংঘটিত হৈছে এই ঘটনা । প্রায় ডেৰ মাহ ধৰি চেন্টাৰটোত আছিল মহিলাগৰাকী।
মৃত মহিলাগৰাকী পাঠশালাৰ বুলি জানিব পৰা গৈছে। মহিলা গৰাকীক হত্যাৰ সন্দেহ ড্রাগছ বিৰোধী-নিষিদ্ধকৰণ পৰিষদৰ।
এই সন্দৰ্ভত পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতিয়ে প্রতিক্রিয়া ব্যক্ত কৰে। অনুজ্ঞাপত্র নথকাকৈ কেন্দ্রটো চলোৱাৰ অভিযোগ। কেন্দ্রটোৰ যুৱতী সকলকো শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে একাংশই।