মৃত্যুৰ ১০ দিন পাছত খান্দি উলিওৱা হ'ল মহিলাৰ মৃতদেহ

এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ আটানীৰ নৈচাৰধাপ গাঁৱত। কবৰ খান্দি উলিওৱা হয় আছমা খাতুনৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
মৃত্যুৰ ১০ দিন পাছত খান্দি উলিওৱা হ'ল মহিলাৰ মৃতদেহ

ডিজিটেল ডেস্কঃ কবৰ দিয়াৰ ১৬ দিন পাছত খান্দি উলিওৱা হ'ল এগৰাকী মহিলাৰ মৃতদেহ। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ আটানীৰ নৈচাৰধাপ গাঁৱত। কবৰ খান্দি উলিওৱা হয় আছমা খাতুনৰ মৃতদেহ।

Advertisment

আছমাৰ মৃত্যুৰ পাছতে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। আছমাক হত্যা কৰাৰ সন্দেহত প্রশাসনে দেওবাৰে খান্দি উলিয়াই মৃতদেহ। তাৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ধুবুৰী মেডিকেল কলেজলৈ প্রেৰণ কৰে আৰক্ষীয়ে।

সমগ্র ঘটনাৰ তদন্তত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আটানী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়া খঞ্জন চৌধুৰীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ দিয়া হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মহিলা গৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত সত্য পোহৰলৈ আহিব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: টুইটাৰৰ ব্য়ৱহাৰ কৰা আগত চাওক এই খবৰ, প্ৰৱন্ধ পঢ়িবলৈ লাগিব ধন...

Assam police