মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ প্ৰেমিক

মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ প্ৰেমিক

author-image
Asomiya Pratidin
New Update
মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ প্ৰেমিক

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।শুকুৰবাৰে খ্ৰীষ্টানবস্তীৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী তৃঞ্চা কাকতি বুলি চিনাক্ত হৈছে। জানিব পৰা মতে প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছিল যুৱতীগৰাকীয়ে।

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রেমিক বিষ্ণুক। কি কাৰণে আৰু কেনেকৈ মৃত্যু হ'ল যুৱতীগৰাকীৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: ভূপেন বৰাক প্ৰত্যাহ্বান জনাই গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ

Assam police