/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bbbbb-1.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ: বিশ্বনাথত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। একেলগে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় মাতৃ আৰু কন্যাৰ।চৰকাৰে প্ৰদান কৰা দৰিদ্ৰ সীমা ৰেখা তলৰ লোকক বিনামূলীয়া বিদ্যুতৰ তাঁৰ অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।
উল্লেখযোগ্য যে শুকুৰবাৰে বিশ্বনাথৰ গোৱালতুলীৰ পূৱ ভিৰ পথাৰৰ ফইজুল আহমেদৰ পত্নী লালভানু খাতুনে গা ধুই ঘৰৰ চোতালত থকা তাঁৰত কাপোৰ মেলিবলৈ লঁওতেই বিদ্যুৎপৃষ্ট হয় সেই স্থানতে লালভানো খাতুন(৩৪)আৰু লালভানো খাতুনৰ কন্যা ফৰিদা খাতুনৰ(১০) মৃত্যু হয়।
লগে লগে লালভানুৰ চোতালত ধুৱা প্ৰতক্ষ্য কৰি স্থানীয় লোকে সেই স্থানত উপস্থিত হৈ লালভানু আৰু কন্যাক কাপোৰ মেলা তাঁৰত লাগি থকা প্ৰতক্ষ্য কৰি কৰি বিদ্যুতৰ মিটাৰৰ বিদ্যুত সংযোগ কৰ্তন কৰে। কিন্তু তেতিয়ালৈকে লালভানু আৰু লালভানুৰ কন্যা ফৰিদা খাতুনৰ মৃত্যু হয়।
দৰাচলতে মৃত লাল ভানুৰ ঘৰৰ মিটাৰলৈ যোৱা তাঁৰ ছিগি কাপোৰ মেলা তাঁৰত লগ লাগি আছিল।তিতা কাপোৰ সেই বিদ্যুতৰ তাঁৰত লাগি এই দৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ইফালে স্থানীয় লোকে সন্দেহ কৰে যে লালভানু বিদ্যুৎপৃষ্ট হৈ থকা সময়তে মৃত লালভানুৰ কন্যা ফৰিদা খাতুনে নিজ মাতৃক বচাবলৈ গৈ কন্যা ফৰিদা খাতুনো বিদ্যুৎপৃষ্ট হৈ এই দৰে মাতৃ কন্যাই একেলগে এক অকাল মৃত্যুক সাৱতি ল'ব লগীয়া হয়।
পিছৰ পৰ্যায়ত লালভানু আৰু কন্যা ফৰিদা খাতুনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ আনে যদিও চিকিৎসকে দুই মাতৃ কন্যাক মৃত বুলি ঘোষণা কৰে।ইফালে চৰকাৰে দৰিদ্ৰ সীমাৰেখা তলৰ লোকক প্ৰদান কৰা বিনামূলীয়া বিদ্যুত যোগানৰ নামত প্ৰদান কৰা অতি নিম্ন মানদণ্ডৰ বিদ্যুতৰ তাঁৰ যোগান দিয়াৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।এই মৰ্মান্তিক ঘটনাই সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পেলায়।
আৰু পঢ়ক: ছাগলী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন আক্ৰমণ…