/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,বৰপেটা: বাক্সা জিলাৰ আনন্দবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কচুগাৱত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক মাৰপিটৰ ঘটনা। এই ঘটনাত নিহত আনোৱাৰা খাতুন (২২) নামৰ এগৰাকী মহিলাৰ।
আনহাতে ঘটনাটোত আহত আনোৱাৰাৰ ভাতৃ চাইজুদ্দিন (২০) সহ চাইজুদ্দিনৰ মাতৃ চাবা খাতুন(৪০) আৰু পিতৃ আলাউদ্দিন (৫৫)। পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আহত সকলৰে আত্মীয় লালচান্দে এই দুস্কাৰ্য চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। আটাই কেইজন লোকক কাঠৰ বাটামেৰে প্ৰহাৰ কৰাৰ ফলত আঘাত প্ৰাপ্ত হয়।
সংকটজনক অৱস্থাত বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চাৰিওজনক। কিন্তু বৰপেটাৰোড চিকিৎসালয়তে আনোৱাৰা খাতুনে শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে চাবা খাতুন আৰু চাইজুদ্দিনৰ অৱস্থাও সংকটজনক হোৱাত দুয়োকে বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।