প্ৰথমবাৰৰ বাবে মহিলাই পৰিচালনা কৰিলে শিৱসাগৰৰ ৬ ভোটগ্ৰহণ কেন্দ্ৰ, পঢ়ক সবিশেষ

প্ৰথমবাৰৰ বাবে মহিলাই পৰিচালনা কৰিলে শিৱসাগৰৰ ৬ ভোটগ্ৰহণ কেন্দ্ৰ, পঢ়ক সবিশেষ

author-image
asomiyapratidin
New Update
নিৰ্বাচন আয়োগৰ চমকঃ শিৱসাগৰত ৬ ভোটকেন্দ্ৰত নাছিল কোনো পুৰুষ কৰ্মচাৰী

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ৬টা ভেটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিলে। প্ৰথমবাৰৰ বাবে অসমত মহিলাই ভোটগ্রহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালনা কৰে।

১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ আউনিআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়(ইষ্ট) আৰু আউনিআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (ৱেষ্ট), ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়(দক্ষিণ) আৰু ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূব) আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ অ'এনজিচি এল পি স্কুল (উত্তৰ) আৰু অ'এনজিচি এল পি স্কুল (দক্ষিণ) এই ৬টা কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাই পৰিচালনা কৰে। প্ৰিজাইডিং, পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীও মহিলা কৰ্মচাৰী নিয়োগ কৰা হৈছিল।

ইয়াৰোপৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিওটা বিধানসভা সমষ্টিৰ মুঠ ৪০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনলাইনযোগে ভোটাৰৰ গতিবিধি চাবৰ বাবে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছিল আৰু শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা কেন্দ্ৰ কেইটাৰ ভোটাৰৰ গতিবিধি চিচিটিভিৰ জৰিয়তে চাই থকা হৈছিল।