স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান মহিলাৰ...

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। সোমবাৰে আত্মহত্যা কৰে দুই সন্তানৰ মাতৃয়ে।
স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান মহিলাৰ...

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। সোমবাৰে আত্মহত্যা কৰে দুই সন্তানৰ মাতৃয়ে।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি স্বামী মহিদুল ইছলামে মহিলা গৰাকীক অত্যাচাৰ চলাই আহিছিল। মহিদুলে পত্নীক যৌতুক বিচাৰি অবৰ্ননীয় অত্যাচাৰ চলাই আহিছিল। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই বিহপান কৰে মহিলা গৰাকীয়ে।

আত্মহত্যা কৰা মহিলাগৰাকীৰ নাম জয়নফা খাতুন(২২) বুলি চিনাক্ত হৈছে। বিহপান কৰাৰ পাছত GMCH লৈ মহিলা গৰাকীক প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যুক সাৱতি লয়।

ওচৰ-চুবুৰীয়াই জনাই যে মহিদুলে সুৰা পান কৰি মহিলা গৰাকী মাৰধৰ কৰিছিল। লগতে মহিলা গৰাকীৰ পৰা বিভিন্ন বহুমূলীয়া সামগ্ৰী যৌতুক হিচাপে বিচাৰিছিল। বৰ্তমান মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান মহিলাৰ...
ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন বিজয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in