মাত্ৰ এটা ছিগাৰেট বাকী নিদিয়াৰ বাবেই মহিলা ব্যৱসায়ীক দুৰ্বৃত্তৰ গুলীচালনা...

মাত্ৰ এটা ছিগাৰেট বাকী নিদিয়াৰ বাবেই মহিলা ব্যৱসায়ীক দুৰ্বৃত্তৰ গুলীচালনা...

ডিজিটেল সংবাদ, চিৰাংঃ মাত্ৰ এডাল ছিগাৰেট বাকী নিদিয়াৰ বাবেই এগৰাকী ক্ষুদ্ৰ মহিলা ব্যৱসায়ীক লক্ষ্য কৰি গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে । দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত মহিলা চিকিৎসালয়ত ভৰ্তি লগা হৈছে । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেওবাৰে সন্ধিয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙত ।

প্ৰাপ্ত খবৰ অনুযায়ী দেওবাৰে সন্ধিয়াৰ ভাগত খুংগ্ৰীঙৰ দুই নং দৈ গুদুম গাঁৱৰ তামোল পাণৰ দোকানী আছাতী বসুমতাৰীৰ পৰা উক্ত গাঁৱৰে উদণ্ড যুৱক হিচাপে পৰিচিত অজয় মুছাহাৰীয়ে পইচা নিদিয়াকৈ বাকীত ছিগাৰেট বিছাৰে । কিন্তু মহিলা গৰাকীয়ে বাকীত ছিগাৰেট নিদিয়াক লৈ প্রথমে তীব্র বাক বিতণ্ডা তাৰ পিছত মহিলা গৰাকীৰ স্বামীৰ সৈতে প্ৰচণ্ড মাৰপিট কৰে ।

তাতে ক্ষান্ত নেথাকি পৰৱৰ্তী সময়ত অজয় মুছাহাৰীয়ে স্কুটি লৈ ঘৰৰ পৰা হস্তনিৰ্মিত পিষ্টল উলিয়াই আনি মহিলা গৰাকীৰ দোকানৰ সন্মুখতে প্ৰথমতে শূণ্যলৈ দুইজাঁই গুলী নিক্ষেপ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । গুলীৰ শব্দ শুনি ওচৰ চুবুৰীয়াৰ লোক সকল ওলাই অজয় মুছাহাৰীক বাধা দিয়াৰ চেষ্টা কৰে যদিও বাধা দিয়া লোক সকলকে গুলীয়াই দিয়াৰ ভাবুকি প্ৰদান কৰে ।

তাৰ পিছত অজয় মুছাহাৰীয়ে উপস্থিত লোক সকলৰ সন্মুখতে মহিলা গৰাকীক লক্ষ্য কৰি গুলীয়াই দিয়ে । মূৰত গুলী লগাৰ পিছতেই মহিলা গৰাকী মাটিত ঢলি পৰে । মুহুৰ্ত্তৰ ভিতৰতে এলেকাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় আৰু স্থানীয় লোকে মহিলাৰী গৰাকীক উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

ইপিনে ঘটনাৰ খবৰ লাভ কৰি ৰুণীখাতা থানাৰ পৰা আৰক্ষীৰ লোক খুংগ্ৰীঙত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত পূৰ্বৰে পৰা বিভিন্ন অপৰাধমূলক কাৰ্য্যৰ সৈতে জড়িত আৰু কালি নিশা গুলীচালনা কৰা অজয় মুছাহাৰী নামৰ দুৰ্বৃত্ত জনক আটক কৰে । ধৃত অজয় মুছাহাৰীৰ জিম্মাৰ পৰা কালি নিশা গুলীচালনা কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা হস্তনিৰ্মিত পিস্তল, তিনিটা পিস্তলৰ নলী, এখন খুকুৰি, এটা মোবাইল ফোন আৰু এখন স্কুটী জব্দ কৰে ।

খবৰ লাভ কৰি চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা নিশাৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত সমগ্ৰ ঘটনাৰ বুজ লয় সামান্তৰাল ভাৱে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইপিনে গুলীচালনাৰ ঘটনাত মtৰত আঘাতপ্ৰাপ্ত মহিলা গৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ আছে যদিও তথাপিও চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাৱে বৰপেটা মেডিকেল কলেজলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।

মাত্ৰ এটা ছিগাৰেট বাকী নিদিয়াৰ বাবেই মহিলা ব্যৱসায়ীক দুৰ্বৃত্তৰ গুলীচালনা...
শতাধিক শিশুৰ প্ৰাণ ৰক্ষা কৰা দামাছ আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in