/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/girl.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতী।বাংগালোৰত মৃত্যু নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পোৰাবিল গাঁৱৰ এগৰাকী যুৱতী গৰাকীৰ। সোমবাৰে পুৱা ১০ মান বজাত বাংগালোৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক ফোন কৰি আত্মহত্যা কৰা বুলি খবৰ দিয়ে।
এই খবৰৰ পিছতে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটো শোকাকুল পৰিবেশে বিৰাজ কৰে।মৃত যুৱতী গৰাকী পোৰাবিল গাঁৱৰ ৰঞ্জিত শইকীয়াৰ কন্যা। বিগত প্ৰায় দুবছৰ ধৰি বাংগালোৰৰ অলট্ৰাচ নামৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত আছিল যুৱতী গৰাকী। আনহাতে পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ আকস্মিক মৃত্যুক সহজ ভাবে ল'ব পৰা নাই।
আত্মহত্যাৰ পৰিৱৰ্তে ই এক হত্যাকাণ্ড বুলিহে অভিহিত কৰিছে পৰিয়ালৰ লোকে।সহজ সৰল অতি অমায়িক স্বভাৱৰ যুৱতী গৰাকীয়ে কেতিয়াও আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।
ইফালে অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।কৰ্মসূত্ৰে বাংগালোৰত থকা স্থানীয় যুৱক অনুপ মৰানে পৰিয়ালৰ অনুমতি সাপেক্ষে মৃতদেহ চমজি লোৱাৰ বাবে যাৱতীয় কাম কাজ সম্পন্ন কৰিছে যদিও মৃতদেহ ঘৰলৈ অনাৰ বাবে চিন্তাত পৰিছে দৰিদ্ৰ পিতৃ ৰঞ্জিত শইকীয়া।মৃতদেহটো ঘৰলৈ আনিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।
আৰু পঢ়ক: ডনবস্ক' বিশ্ববিদ্যালয়ৰ ফাডাৰক গ্ৰেপ্তাৰ, জৰ্জৰ চুইচাইড নোটত ভয়ংকৰ তথ্য…