বোৱাৰীৰ আক্ৰমণত আহত বৃদ্ধা, চিকিৎসালয়ত ভৰ্তি

ফিল’বাৰীৰ ৰূপজানত সংঘটিত ভয়ংকৰ ঘটনা। বোৱাৰীয়েকৰ আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধা। শনিবাৰে সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
বোৱাৰীৰ আক্ৰমণত আহত বৃদ্ধা, চিকিৎসালয়ত ভৰ্তি

ডিজিটেল সংবাদ, ফিল'বাৰীঃ ফিল’বাৰীৰ ৰূপজানত সংঘটিত ভয়ংকৰ ঘটনা। বোৱাৰীয়েকৰ আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধা। শনিবাৰে সংঘটিত হয় এই ঘটনা।

অভিযোগ অনুসৰি বোৱাৰীয়েকে চোকা অস্ত্ৰৰে উপৰ্যুপৰি ৬৪ বছৰীয়া মহিলা নিৰদা শইকীয়াক ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অভিযুক্ত বোৱাৰীয়েকৰ নাম নিহাৰীকা গগৈ শইকীয়া ৷ প্ৰথম পৰ্যায়ত নিহাৰীকা গগৈ আৰু তেওঁৰ স্বামী পলাতক অৱস্থাত থাকে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে।

নিৰদা শইকীয়া বৰ্তমান চিকিৎসাধীন ৷ জানিব পৰা মতে কেইবাদিনো ধৰি পৰিয়ালটোৰ মাজত পাৰিবাৰিক সংঘাত হৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: খাৰঘূলিত জলবিস্ফোৰণঃক্ষতিগ্ৰস্তৰ মাজত ১৩,৬৮,৫০০ টকা বিতৰণ জলবোৰ্ডৰ

Assam police