খাৰঘূলিত জলবিস্ফোৰণঃক্ষতিগ্ৰস্তৰ মাজত ১৩,৬৮,৫০০ টকা বিতৰণ জলবোৰ্ডৰ

খাৰঘুলিৰ জলবিস্ফোৰণত ক্ষতিগ্রস্তলৈ আৰ্থিক সাহায্য জলবোৰ্ডৰ। ক্ষতিগ্রস্ত ৩০ ঘৰ লোকৰ মাজত বিতৰণ কৰা হয় মুঠ ১৩,৬৮,৫০০ টকা।

author-image
Asomiya Pratidin
New Update
খাৰঘূলিত জলবিস্ফোৰণঃক্ষতিগ্ৰস্তৰ মাজত ১৩,৬৮,৫০০ টকা বিতৰণ জলবোৰ্ডৰ

ডিজিটেল ডেস্কঃ খাৰঘুলিৰ জলবিস্ফোৰণত ক্ষতিগ্রস্তলৈ আৰ্থিক সাহায্য জলবোৰ্ডৰ। ক্ষতিগ্রস্ত ৩০ ঘৰ লোকৰ মাজত বিতৰণ কৰা হয় মুঠ ১৩,৬৮,৫০০ টকা। মৃত মহিলাগৰাকীৰ পৰিয়াললৈ অতিৰিক্ত ৩ লাখ টকা দিয়া হ’ব বুলি কয় বোৰ্ডে।

Advertisment

এই তালিকাত আৰু ক্ষতিগ্ৰস্তৰ নাম অন্তৰ্ভূক্ত কৰা হ’ব । অহা মঙলবাৰলৈ তদন্ত কমিটীৰ প্রতিবেদন দাখিল কৰা হ’ব। SDRFৰ নীতি অনুসৰি ক্ষতিগ্রস্তসকলক প্রদান কৰা হৈছে ধন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মন্ত্ৰী যোগেন মোহনে মৃত পৰিয়ালৰ লোকলৈ ২ লাখ টকা আৰু আহত সকললৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল। লগতে আহত সকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি কৈছিল।

বৃহস্পতিবাৰে খাৰঘূলিৰ জয়নগৰত পানীৰ পাইপ ফাটি সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ। যাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহুতো। ইয়াৰোপৰি এই ধ্বংসলীলাত ক্ষতিগ্ৰস্ত হৈছিল ৩০-৪০ টাকৈ বাসগৃহৰ লগতে বাহন আদি।

Also Read: জোনমণি কাণ্ডঃ জামিন লাভ ট্ৰাকচালক সুমিত কুমাৰৰ

sdrf