/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bbbbbb.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ৰহাত এটা পুখুৰীত মাতৃ সহ দুই সন্তানৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিজ ঘৰৰ পিছফালৰ পুখুৰীত দুই কনমানি সন্তানৰ সৈতে মাতৃৰ মৃতদেহ ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে । এই কৰুন ঘটনাটো সংঘটিত হৈছে ৰহাৰ মধ্য টোপাকুছিত ৷
উদ্ধাৰ হোৱা মহিলাগৰাকী মধ্য টোপাকুছিৰ নিৰু বৰদলৈ (৩২) ৷ সন্তান দুটি হৈছে আঠ বছৰীয়া পুত্ৰ আৰু দুবছৰীয়া কন্যা সন্তান ৷ জানিব পৰা মতে দেওবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল মাতৃ , পুত্ৰ আৰু কন্যা ।
দৰিদ্ৰ পৰিয়ালৰ পণ্ডিত বৰদলৈয়ে পুৱা বিচনা এৰি পত্নী আৰু দুই সন্তানক নেদেখি বিচাৰ-খোঁচাৰ কৰে ৷ বিচাৰি নাপায় হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। দেওবাৰে দুপৰীয়া গাঁৱৰে এজন যুৱকে খৰি কাটিবলৈ গৈ পুখুৰীটোত মৃতদেহকেইটা প্ৰত্যক্ষ কৰি গাঁৱৰ লোকক খবৰ দিয়ে ৷
পিছত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা পুখূৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
আৰু পঢ়ক: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ঢকুৱাখনাত কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী