বৰ্বৰ! ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

বৰ্বৰ! ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

author-image
asomiyapratidin
New Update
বৰ্বৰ! ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

ডিজিটেল সংবাদ, গোসাইগাঁও: ৰাজ্যত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ডাইনীৰ সন্দেহত ৪ সন্তানৰ মাতৃক হত্যা কৰি গছত ওলমাই থলে মৃতদেহ। কোকৰাঝাৰৰ গোসাইগাঁও অঞ্চলৰ সত্যাপুৰৰ মোহনপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।

Advertisment

মহিলা গৰাকী মোহনপুৰ নিবাসী অঞ্জলী মুৰ্মু(৪৫) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৭ মে' সন্ধিয়া একে গাঁৱৰে নিৱাসী  ১৬ বছৰীয়া দুই কিশোৰ আৰু ৰবিনচন কিস্কু(৩০) আৰু চাকেল হেমব্ৰমে(৩০)য়ে মহিলাগৰাকীক নিজ গৃহৰ পৰা বলপূৰ্বকভাৱে উঠাই নিয়ে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে তিনিওকে আটক কৰে। আৰক্ষীৰ জেৰাত তেওঁলোকে স্বীকৰ কৰে যে ডাইনীৰ সন্দেহত মহিলা গৰাকীক হত্যা কৰি গছত ওলমাই থৈছে।

এই ভাষ্যৰ ভিত্তিতেই আৰক্ষীয়ে আজি পুৱা মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান সময়ত পলাতক অৱস্থাত আছে মূল অভিযুক্ত চাকেল হেমব্ৰম।

আৰু পঢ়ক: প্ৰতিটো উগ্ৰপন্থী গোটৰ লগত আলোচনা কৰি অসমত মোডীৰ নেতৃত্বত শান্তি স্থাপন কৰা হৈছে- শ্বাহ

assam Assam police kokrajhar