/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/amit-shah.jpg)
ডিজিটেল ডেস্ক: বিগত বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত ৫ মে'ত প্ৰথমবাৰলৈ পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
পশ্চিম বংগত উপস্থিত হৈয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী। শিলিগুৰিত এক বিশাল জনসভা সম্বোধন কৰি শ্বাহে কয় যে কোৰোনা মহামাৰী অন্ত পৰিলেই বলবৎ কৰা হ'ব 'কা' (নাগৰিকত্ব সংশোধনী আইন)।
শ্বাহে কয় যে কোৰোনা অন্ত পৰিলেই কা বলবৎ কৰি আমাৰ ভাইসকলক নাগৰিকত্ব দিম। তেওঁ কয় যে মমতা দিদি, আপুনি বিচাৰে অনুপ্ৰৱেশ অব্যাহত থাকক, বাংলাদেশৰ পৰা অহা শৰণাৰ্থী সকলে নাগৰিকত্ব নাপাওক। তৃণমূল কংগ্ৰেছী সকলে কাণ খুলি শুন, কা বাস্তৱ আছিল, আছে আৰু থাকিব। মমতা দিদি আপুনি একোৱেই কৰিব নোৱাৰিব।
তদুপৰি শ্বাহে বংগ বা উত্তৰ বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে আমি যেতিয়া যুঁজত নামিছিলো তেতিয়া বিধানসভাত আমাৰ আসনৰ সংখ্যা আছিল মাত্ৰ ৩ খন আৰু এতিয়া আমাৰ আসন ৭৭ খন।
আৰু পঢ়ক: চিৰাঙৰ বাসুগাঁও স্থিত বাসুদেৱ গৌড়ীয় মঠত দহ দিনীয়া ধৰ্মসভাৰ বিশাল আয়োজন…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us