কন্দলীৰ আঘাতপ্ৰাপ্ত বন্যহস্তীৰ কাষত পদ্মশ্ৰী ডঃ কুশল কোঁৱৰ শৰ্মা

কন্দলীৰ আঘাতপ্ৰাপ্ত বন্যহস্তীৰ কাষত পদ্মশ্ৰী ডঃ কুশল কোঁৱৰ শৰ্মা

author-image
Asomiya Pratidin
New Update
কন্দলীৰ আঘাতপ্ৰাপ্ত বন্যহস্তীৰ কাষত পদ্মশ্ৰী ডঃ কুশল কোঁৱৰ শৰ্মা

ডিজিটেল সেৱা, কঠীয়াতলীঃ নগাঁও জিলাৰ কন্দলী পথাৰত গুৰুতৰ আঘাতৰ সৈতে যুঁজি থকা বন্যহস্তী ক্ৰমান্বয়ে সুস্থ হৈছে। নগাঁও কন্দলীৰ চোৱাং বনাঞ্চলত কোনো দুৰ্বৃত্তই আঘাত কৰাৰ ফলত বিগত এমাহ ধৰি বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটো যন্ত্ৰণাত চিৎকাৰ কৰি ফুৰিছিল ।

Advertisment

স্থানীয় বন বিভাগৰ এটা দলে প্ৰাথমিক চিকিৎসা কৰিছিল যদিও আঘাত গুৰুত্বৰ হোৱাৰ বাবে হাতীটো ক্ৰমান্বয়ে অসুস্থ হৈ পৰিছিল ।হাতীটোৰ চিকিৎসা ক্ষেত্ৰত শীৰ্ষ বন বিভাগৰ হেমাহিৰ বাতৰি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ পিছতে শীৰ্ষ বন বিষয়াই তৎক্ষণাত উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎকৰ পৰামৰ্শ গ্ৰহণ কৰি স্থানীয় কঠীয়াতলি আঞ্চলিক বন বিভাগে চিকিৎসা আৰম্ভ কৰে । আনহাতে হাতীটো অসুস্থ হোৱা খবৰ সংবাদ মাধ্যমৰ যোগেদি পায় আঘাতপ্ৰাপ্ত হাতীটোৰ কাষত থিয় হয় পদ্মশ্ৰী তথা গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ কুশল কোঁৱৰ শৰ্মা ।

পদ্মশ্ৰী শর্মাই বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হাতীটো সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি বন বিভাগক চিকিৎসা পদ্ধতিৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বন বিভাগক হাতীটোৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি সময় মতে ঔষধ আৰু পৰ্যাপ্ত খাদ্য যোগান ধৰিবলৈ কয় ।

Also Read: সংসদত ভয়ংকৰ ঘটনাঃ অভিযুক্তই এম.ফিল সম্পূৰ্ণ কৰাৰ পাছতো পোৱা নাছিল চাকৰি, মানসিক ভাৱে ভাগি পৰিছিল