নামৰূপ থাৰমেলত বনৰীয়া  হাতীৰ তাণ্ডৱ...

নিশা দুটা কৈ ঘৰ ভাঙিলে বন্য হস্তীয়ে

author-image
Asomiya Pratidin
New Update
নামৰূপ থাৰমেলত বনৰীয়া  হাতীৰ তাণ্ডৱ...

ডিজিটেল সংবাদ, নামৰূপ : বুধবাৰে নিশা প্ৰায় এক বজাত পাটকাই পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতীয়ে নামৰূপ থাৰমেলৰ কাষৰীয়া দুটা কৈ ঘৰভাঙি তাণ্ডৱ চলাই । বনৰীয়া হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে নামৰূপ পৌৰ সভাৰ ৯ নং ৱাৰ্ডৰ  থাৰমেল কলনীৰ কাষৰ যমুনা দেৱীৰ বাসগৃহটো সম্পূৰ্ণকৈ ভাঙি  চুৰমাৰ কৰে ।

Advertisment

নিশা প্ৰায় এক বজাত সংঘটিত এই দুৰ্ঘটনাৰ বাবে এলেকাৰ ৰাইজ সাজু নাছিল যদিও এটা পানী কেঁচুৱা থকা ছয় জনীয়া সদস্যৰ গৃহহীন পৰিয়ালটোৱে যেনে তেনে প্ৰাণ বচাবলৈ সক্ষম হয় । দল ভাঙি ওলাই অহা হাতীটোৱে ইয়াৰ পিছতে নাতি দূৰৈত থকা ওৰাং উপাধিৰ এজনৰ ঘৰৰ চালিখন আজুৰি এৰুৱাই থৈ যায় । পুৱতি নিশা হাতীটো থাৰমেল কলনীত প্ৰৱেশ কৰি বহু কেইখন বাৰীৰ লাগনী গছ ভাঙি তহিলং কৰে।

ইফালে মাজে নিশা বনৰীয়া হাতীৰ দলটোৱে গাঁৱতে থাকি গোটেই নিশা চিঞৰি ত্ৰাসৰ সৃষ্টি কৰে । লক্ষণীয় যে ভূক্তভোগী ৰাইজে গোটেই নিশা বন বিভাগলৈ ফোন কৰিও সঁহাৰি নোপোৱাত ৰাইজৰ মাজত তীব্ৰ উত্তেজনা পৰিলক্ষিত হয় । অৱশ্যে  পুৱা বিভাগীয় বিষয়া  আহি ঘটনা আৰু ক্ষয় ক্ষতিৰ বুজ লয়।

assam namrup forest department of assam