বিশ্বনাথৰ বালিপুখুৰীত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ...

বিশ্বনাথৰ বালিপুখুৰীত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ...
বিশ্বনাথৰ বালিপুখুৰীত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ...

ডিজিটেল সংবাদ বিশ্বনাথঃ মঙ্গলবাৰে নিশা বিশ্বনাথত ২ নং বালিপুখুৰীত এটা বন্যহস্তীয়ে সন্ত্ৰাস চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে কেইবাগৰাকী দৰিদ্ৰ কৃষকৰ ধান খায় তহিলং কৰে ৷ জানিব পৰামতে,অঞ্চলটোত নিশা প্ৰায় দুইমান বজাত এটা বনৰীয়া হাতীয়ে আহি ৰামেশ্বৰ গোৱালা,অম্বিকা দেৱী,দীপক গোৱালা,সুৰজ গোৱালা,জিয়াবুৰ ৰহমান,দীপ গোৱালাৰ ঘৰ ভঙাৰ লগতে, চামুদ্দিন আলীৰ ঘৰৰ কেইবামোন ধান খাই অনিষ্ট কৰে ৷

উল্লেখ্য যে, সেই অঞ্চলসমূহত পূৰ্বেই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বৰ্তমানলৈকে বন বিভাগৰ লোক উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই৷ ইফালে,বন্যহস্তীৰ এই উপদ্ৰৱত কথমপি পৰিয়াল কেইটাৰ সদস্যসকলৰ প্ৰাণ ৰক্ষা পৰে যদিও ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষতিসাধন কৰে ৷

স্থানীয় ৰাইজৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী, এই দৰিদ্ৰ পৰিয়ালকেইটিক উচিত ক্ষতিপূৰণ দি উপকৃত কৰিব লাগে ৷

বিশ্বনাথৰ বালিপুখুৰীত বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ...
কন্দলীত বন্যহস্তীৰ উপদ্ৰৱ: চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in