/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/elepj.jpg)
ডিজিটেল সংবাদ, চিদলী : চিৰাং জিলাৰ ভাৰত – ভূটান সীমান্তৰ ফুলবাৰী গাঁৱত মঙলবাৰে দিন দুপৰতে এক বৃহৎ বন্যহস্তীৰ জাক আহি ওলোৱাত এলেকাৰ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় ।সৰু ডাঙৰ মিলি প্ৰায় ২৫ টাকৈ সদস্য থকা বন্যহস্তীৰ জাকটোৱে ফুলবাৰী গাঁৱত প্ৰৱেশ কৰি শালি ধানৰ বিধানৰ লগতে মানুহৰ তামোলৰ বাগিচা ধ্বংস কৰে ।
নিশাৰ ভাগত প্ৰায়েই অঞ্চলটোত বন্যহস্তী আগমন ঘটে আৰু সেই হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ক্ষতিসাধন কৰাৰ উপৰি খেতি পথাৰ বিনষ্ট কৰে । কিন্তু আজি দিন দুপৰতে বন্যহস্তীৰ বৃহৎ জাকটো গাঁৱৰ ভিতৰত প্ৰৱেশ কৰাত গাঁওবাসী আতংকিত হৈ পৰে ।
খবৰ লাভ কৰি ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ পৰা বনকৰ্মীৰ এটা দল ফুলবাৰী এলেকাত উপস্থিত হৈ বহু সময় হাতীৰ জাকটোৰ নীৰিক্ষন কৰি জংঘল অভিমুখে খেদি পঠিয়াবলৈ চেষ্টা কৰে কিন্তু বাতৰি যুগুত কৰা পৰ্যন্ত বনৰীয়া হাতীৰ জাকটো ফুলবাৰী এলেকাতে অবস্থান কৰি থকাৰ বাতৰি পোৱা গৈছে ।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৰ পৰা গাঁওখনক ৰক্ষাৰ বাবে স্থানীয় লোকে বন বিভাগ তথা চৰকাৰৰ ওচৰত দাবী জনায় ।উল্লেখ যে বিগত সময়ছোৱাত অঞ্চলটোত বন্যহস্তীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাৰ নজিৰ আছে ।
আৰু পঢ়ক: বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি…