চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ…

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ…

author-image
asomiyapratidin
New Update
চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত পাটাবাৰীৰ ডাউখাবাহা গাঁৱত বনৰীয়াৰ হাতীৰ তাণ্ডৱ । খবৰ অনুসৰি সোমবাৰে নিশাৰ ভাগত খাদ্যৰ সন্ধানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে পাটাবাৰীৰ ডাউখাবাহা নামৰ বনগাঁৱত প্ৰৱেশ কৰি দহটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ।

Advertisment

বনৰীয়া হাতী দুটা গাঁৱত প্ৰৱেশ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে গাওঁবাসীয়ে নিজৰ নিজৰ বাসগৃহ এৰি নিৰাপদ দূৰত্বত অৱস্থান কৰাত সৌভাগ্য ক্ৰমে বনৰীয়াৰ হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে যদিও বনৰীয়া হাতী দুটা কাতিনাথ বসুমতাৰী, থাইলেৱ বসুমতাৰী, কমল বসুমতাৰী, হামে বসুমতাৰী, অমৰ ব্ৰহ্ম, লোহিত বসুমতাৰী, ত্ৰিৰংতা বসুমতাৰী আৰু হাঙ্গামা বসুমতাৰী নামৰ গাওঁবাসী কেইজনৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ।

আনপিনে হঠাতেই গাওঁখনত বনৰীয়া হাতীৰ আগমনত আতংকিত হৈ পৰা গাওঁবাসী গোটেই নিশা উজাগৰে কটাব লগীয়া হয় । মঙলবাৰে পুৱা বন বিভাগৰ লোকক খবৰ দিয়া হয় যদিও পুৱাৰ ভাগতে আই নৈ আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নাওঁ চলাচল বন্ধ হৈ পৰে ফলত ক্ষয়ক্ষতিৰ বুজ ল'বলৈ বনবিভাগৰ লোক উক্ত গাওঁখনত উপস্থিত হ'ব নাই বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক: ২০১৮ চনৰ এটা টুইট, ভগৱানক অপমান! গ্ৰেপ্তাৰ সাংবাদিক…

assam chirang wild elephant