/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-10-at-7.34.45-PM.jpeg)
ডিজিটেল সংবাদ, বোকাখাত: শনিবাৰৰ নিশা বোকাখাতৰ ভকত চাপৰি অঞ্চলৰ কেইবা ঠাইতো বন্যহস্তীয়ে চলাই সন্ত্ৰাস। নিশা অঞ্চলটোত পাহাৰৰ পৰা নামি অহা এটা বন্যহস্তীৰ জাকে বিচৰণ কৰাৰ লগতে ভকত চাপৰি গাঁৱৰ মিনতি লয়িং নামৰ মহিলা গৰাকীৰ ঘৰৰ বেৰ ভাঙি পেলোৱাৰ লগতে ভকত চাপৰি বুঢ়া নামঘৰৰ দুখনকৈ পকীদেৱাল ভাঙি চূৰ্ণাকৃত কৰে।ইফালে হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰত অকলশৰে থকা মিনতি লয়িং নামৰ মহিলাগৰাকী।
নিশাই বনবিভাগৰ লোকক অৱগত কৰা হয় যদিও ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ লগতে বিভিন্ন সময়ত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মুখত পৰিছে শিশু, মহিলাসহ কেইবাগৰাকীও লোক।কাৰ্বিপাহাৰৰ দাঁতিকাষৰীয়া হোৱাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাই আহিছে বন্যহস্তীৰ সন্ত্ৰাস ।
অন্য খবৰ পঢ়ক: তিনিচুকীয়াৰ হেমন্ত কুমাৰ শইকীয়ালৈ সলিল নেওগ সোৱঁৰণী যুৱ সাংবাদিকতা বঁটা…
ইফালে সঘনাই বৃদ্ধি পোৱা বন্যহস্তীৰ উপদ্ৰপৰ বাবে স্থানীয় ৰাইজে উক্ত এলেকাটোত দীৰ্ঘদিনৰ পৰা এটা বনৰক্ষী চকী স্থাপনৰ দাবী জনাই আহিছে যদিও এই বিষয়ত বৰ্তমানলৈকে গুৰুত্ব প্ৰদান কৰা নাই গোলাঘাট জিলা বনবিভাগৰ লগতে নুমলীগড় তথা বোকাখাতস্থিত বনবিভাগৰ কাৰ্যালয়ে।লগতে বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালে সংশ্লিষ্ট বিভাগৰ পৰা আজি পৰ্যন্ত লাভ কৰা নাই উচিত ক্ষতিপূৰণ।
আনহাতে একেনিশাই নুমলীগড়ৰ বিহৰা চাহ বাগিচাতো বন্যহস্তীয়ে চলালে সন্ত্ৰাস। নিশা প্ৰায় ১০ বজাত বন্যহস্তীয়ে বিহৰা চাহ বাগিচা এম.ই স্কুলৰ পকী দেৱাল আৰু বাগিচাখনৰ নতুন লাইনৰ আকাশ নায়ক নামৰ শ্ৰমিক জনৰ বাসগৃহ ভাগি তহিলং কৰাৰ লগতে বাসগৃহৰ ব্যাপক অনিষ্ট সাধন কৰে । ইফালে বাগিচাখনৰ দুজন লোক হাতীৰ আক্ৰমনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক: হাটশিঙিমাৰীত "শৈক্ষিক ভাৱনা" মাহেকীয়া আলোচনী শুভ উন্মোচন