/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9a28e632-50ca-493a-883a-73ee0b8b0e9a/ff.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী:নগাঁও জিলাৰ কঠীয়াতলীৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ বৃহৎ জাকটোৱে মঙলবাৰে নিশা কঠিয়াতলীৰ জুমুৰমূৰত অৱস্থান কৰি গঁঞা ৰাইজক ত্ৰাসিত কৰে।
কন্দলী পাহাৰৰ পৰা এমাহ পূৰ্বে খাদ্যৰ সন্ধানত নামি অহা শতাধিক হাতীৰ জাক এটাই তেলিয়াআটি, বেঙেনাআটি, কছাৰীখন্দা, কন্দলী, শগুণবাহী, গৰুবন্ধা মিকিৰগাৱঁৰ লগতে কেইবাখনো গাঁৱৰ শ শ বিঘা শালি ধান খাই তহিলং কৰে। লগতে একাধিক বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰি সৃষ্টি কৰিছে ত্ৰাসৰ । হাতীৰ জাকটোৱে ইতিমধ্যে বহু বিঘা কুঁহিয়াৰ, পাচলি খেতিও অনিষ্ট কৰিছে । বন বিভাগৰ লোকে ফটকা ফুটাই হাতী খেদাৰ প্ৰয়াস কৰে যদিও হাতী খেদাত ব্যৰ্থ হয়।
Also Read: আজি মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত নতুন চৰকাৰৰ শপত গ্ৰহণঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীসহ জ্যেষ্ঠ নেতা