ৰহাত বনৰীয়া হাতীয়া ভাঙিলে কেইবাটাও বাসগৃহ

ৰহাত বনৰীয়া হাতীয়া ভাঙিলে কেইবাটাও বাসগৃহ

author-image
asomiyapratidin
New Update
ৰহাত বনৰীয়া হাতীয়া ভাঙিলে কেইবাটাও বাসগৃহ

ডিজিটেল সংবাদ , নগাঁও : বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে ৰহাৰ আমচৈ বেলতলা অঞ্চলবাসীৰ। নিশা হ'লেই শংকিত হৈ পৰে অঞ্চলৰ বাসিন্দাসকল ৷

আমচৈ পাহাৰৰ পৰা নিশা নামি অহা বনৰীয়া হাতীয়ে অঞ্চলটোত চলাই আহিছে ব্যাপক উপদ্ৰৱ। শুকুৰবাৰে নিশাও অঞ্চলটোৰ পাঁচটাকৈ ঘৰ ভাঙে ৷

হাতীয়ে বিপিন ডেকাৰ ধান বনা ঘৰ , মনি সাহাৰ ভঁৰাল ঘৰ ভাঙি ধান খাই অনিষ্ট কৰাৰ লগতে মাধৱী বৰদলৈ, বিউটি ফুকন আৰু লোকেন বৰদলৈ নামৰ লোক কেইজনৰ ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি কৰে।

তিনি দিন ধৰি হাতীয়ে এনেদৰে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে হাতী উপদ্ৰৱৰ পৰা জনসাধাৰণক সুৰক্ষা দিবলৈ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে।

আৰু পঢ়ক: বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱালে এজনে

nagaon assam