বন্যহস্তীৰ আক্ৰমণত আহত ২ জন

বন্যহস্তীৰ আক্ৰমণত আহত ২ জন

ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাত দেওবাৰে পুৱতি নিশাৰ পৰাই এজাক বনৰীয়া হাতীয়ে চলাই তাণ্ডবলীলা। ঘন জনবসতিপূৰ্ণ অঞ্চলত হাতীৰ প্ৰৱেশত আতংকিত হৈ পৰে গঁঞা।

প্ৰথমবাৰৰ বাবে ৰৌতাৰ এই অঞ্চলত হাতীৰ প্ৰৱেশত আতংকিত গঁঞাই ঘৰ-বাৰী এৰি ৰাজপথলৈ ওলাই আহে। বোমা ফুটাই, ট্ৰেক্টৰৰ শব্দৰ দ্বাৰা হাতী খেদাৰ চেষ্টা চলাই ৰাইজে।

প্ৰায় ১০০ হাতীৰ জাকে ৰৌতাৰ ধনশ্ৰীখুটি, ৰৌতা বাগান, ৰৌতা ষ্টেচনত চলাই এই তাণ্ডৱ। হাতীৰ গচকত ৰৌতা বাগান ভিচিডিচিৰ প্ৰাক্তন চিয়াৰমেন জয়ন্ত হাজৰিকা আৰু মীনাক্ষী সিংহ নামৰ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে জয়ন্ত হাজৰিকা নামৰ লোকজনক সংকটজনক অৱস্থাত ৰৌতা মডেল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত ততাতৈয়াকৈ GHCHলৈ প্ৰেৰণ কৰে।

আহত আনগৰাকী মহিলা বৰ্তমান ৰৌতা চিকিৎসালয়লৈ ভৰ্তি হৈ আছে। বনৰীয়া হাতীৰ বৃহৎ জাকৰ তাণ্ডবত খেতি-বাতি নষ্ট কৰাৰ লগতে বাসগৃহৰো ক্ষতি সাধন কৰে। বৰ্তমানেও হাতীৰ জাকটো কিছু দূৰত অৱস্থান কৰি আছে।

বন্যহস্তীৰ আক্ৰমণত আহত ২ জন
আজান দি থকাৰ সময়তে অৱসৰপ্ৰাপ্ত এছএছপিক গুলীয়াই হত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in