তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ

তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ। কোনোমতে প্ৰাণ ৰক্ষা এগৰাকী ৭বছৰীয়া কিশোৰীৰ।

author-image
Asomiya Pratidin
New Update
তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ পুৰণা লাইন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ।শুকুৰবাৰে নিশা পুৰণা লাইনৰ দ্বীপ ভূমিজ নামৰ লোকজনৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে হাটীটোৱে। হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে দিপাশ্ৰী ভূমিজ নামৰ এগৰাকী ৭বছৰীয়া কিশোৰীৰ।

Advertisment

বিগত কিছুদিন ধৰি গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধান ওলাই অহা অকলশৰীয়া হাতীটোৱে তিতাবৰৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে যদিও আজিকোপতি হাতীটোক গিবন অভয়াৰণ্যলৈ উভতাই পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ।

titabor