/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/28ae4cb9-b954-405d-943c-22b2a0d60a77/ele.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : দীপাৱলীৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত দাউগাগুৰীত মঙলবাৰে হাতীৰ গচকত এজন লোকৰ মৃত্যু হয় । মৃত লোকগৰাকীত ২নং বাশবাৰী বনগাঁৱৰ লক্ষীৰাম টুডু (৪৫)বুলি জানিব পৰা গৈছে ।
আৰক্ষী সূত্ৰই সদৰি কৰা মতে লক্ষীৰাম টুডু দাউগাগুৰীত গৰু চৰিবলৈ যাওঁতেই বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয় । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ অহা বনৰীয়া হাতীটো জংঘললৈ ঘূৰাই পঠাবলৈ বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।