বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱালে এজনে

বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱালে এজনে

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, শোনিতপুৰ: শোনিতপুৰৰ বৰছলাত বন্যহস্তীৰ গচকত এজন লোকৰ মৃত্যু৷ বৰছলাৰ আমগুৰিত হাতীৰ গচকত মৃত্যু ৰবি মাঝি(৪৩)নামৰ এজন লোকৰ৷

Advertisment

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বন্যহস্তীয়ে শুকুৰবাৰে নিশা গাওঁ খনত আহি চলাইছে উপদ্ৰৱ। বৰ্তমানো হাতীটো গাওঁখনৰ এঘৰ মানুহৰ বাৰিত আশ্ৰয় লৈ আছে। ৰবি মাঝিৰ ঘৰ ভঙামন্দিত। ভঙামন্দিৰৰ পৰা আমগুৰি লৈ আহি থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হ'য় ৰবি মাঝিৰ।

নিহত ৰবি মাঝিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। বৰ্তমানো এজন লোকৰ বাহনীৰ মাজতে আশ্ৰয় লৈ আছে হাতীটো। খাদ্যৰ সন্ধানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হাতীটো। বন বিভাগ আৰু বন কৰ্মীয়ে নিৰিক্ষণ কৰিছে হাতীটো। বন বিভাগে হাতীটো খেদি পঠিওৱাৰ চেষ্টা কৰিছে যদিও বৰ্তমানো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে আতংকৰ।

আৰু পঢ়ক: এজন ওখ মানুহ আৰু এখন বিশাল আকাশ…

assam sonitpur elephant