মুছলপুৰত বন গৰুৰ সন্ত্ৰাস

বন গৰুটোক পশু চিকিৎসকৰ জৰিয়তে ট্ৰেংকুলাইজ কৰে
মুছলপুৰত বন গৰুৰ সন্ত্ৰাস

ডিজিটেল সংবাদ,মুছলপুৰ : বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত শনিবাৰে এটি বন গৰুৱে ইমূৰৰ পৰা সিমূৰলৈ বিচৰণ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে । মানাহ বনাঞ্চলৰ পৰা অহা বন গৰুটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত কালিৰে পৰা সমগ্ৰ অঞ্চলত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি হৈছে।

কালিৰ পিছত দেওবাৰে পুৱাৰে পৰা পুনৰ বন গৰুটোৱে জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত সন্ত্ৰাস সৃষ্টি কৰা বুলি জানিবলৈ দিয়ে। বন গৰুটোৰ ভয়ত ভাত-পানী একোকে খাব পৰা নাই অঞ্চলটোৰ ৰাইজে ।

ইফালে বন গৰুটোৱে কালি গিৰিণ গেহৰুৱা নামৰ এগৰাকী বনকৰ্মীক প্ৰচণ্ড খুন্দা মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পিছত আজি পুনৰ তৰণী দাস আৰু কৰ্ণ দাস নামৰ থমনাৰ দুগৰাকী লোকক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে । জানিব পৰা মতে দুয়োগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

আবেলি মাইকযোগে বন বিভাগে অঞ্চলটোৰ ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনায়। বন গৰুটোক পশু চিকিৎসকৰ জৰিয়তে ট্ৰেংকুলাইজ কৰে।

মুছলপুৰত বন গৰুৰ সন্ত্ৰাস
ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষ অনুষ্ঠানৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in