পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি! পত্নীয়ে প্ৰাণ ল'লে স্বামীৰ

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি! পত্নীয়ে প্ৰাণ ল'লে স্বামীৰ

ডিজিটেল ডেস্কঃ বকোৰ জামবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীৰ হাতত প্ৰাণ হেৰুৱালে স্বামীয়ে। মঙলবাৰে পোহৰলৈ আহে এই ঘটনা।

অভিযোগ অনুসৰি পত্নীয়ে ডিঙি চেপি হত্যা কৰে স্বামী চাৰ্কীত ব্ৰহ্মক। আনহাতে অভিযুক্তগৰাকী ৰূপালী ব্ৰহ্ম বুলি চিনাক্ত হৈছে। দুয়োৰে ঘৰ বিজনীৰ উলুবাৰীত।

পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা হোৱা বুলি সন্দেহ কৰা হৈছে। জামবাৰীত কৰ্মসূত্ৰে বসবাস কৰিছিল দুই স্বামী-স্ত্ৰীয়ে। চহিদুল ইচলামৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দম্পতিহাল।

ইতিমধ্যে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে পত্নী ৰূপালী ব্ৰহ্মই। ইতিমধ্যে ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ৯বছৰ পূৰ্বে বিবাহ হৈছিল দুয়োৰে। দুটাকৈ সন্তানো আছে দুয়োৰে।

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি! পত্নীয়ে প্ৰাণ ল'লে স্বামীৰ
বিজেপিৰ নিবাৰ্চনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in