ডিজিটেল সংবাদ,দুমুনিচকী:- পত্নীয়ে পিতৃ গৃহত চিকিৎসাধীন হৈ থকাৰ সুযোগ গ্ৰহণ কৰি এজন লোকে পুনৰ এগৰাকীক বিয়া কৰোৱাৰ প্ৰস্তুতি চলোৱাৰ এক আশ্চৰ্য্যকৰ ঘটনা পোহৰলৈ আহিছে। বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ লোচ গাঁৱত সংঘটিত হৈছ এই ঘটনা। সন্দৰ্ভত পত্নী অৱগত হোৱাৰ পাছত অসুস্থ শৰীৰে বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হৈ ন্যায় বিচাৰি স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
জানিব পৰা মতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰৰ লোচ গাঁও নিৱাসী জাকিৰ হুছেইনৰ সৈতে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত চাংসাৰি গাঁৱৰ এগৰাকী যুৱতীৰ ২০১১ বৰ্ষত সামাজিক ভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম অৱস্থাত কেইমাহমান দুয়োৰে যুগ্মজীৱন ঠিকে ঠাকে চলি থাকে যদিও পত্নী সন্তান সম্ভৱা হোৱাৰ পিছত প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে জাকিৰে।
যাৰ ফলত পত্নীৰ পিতৃ পৰিয়ালে চাংসাৰিৰ নিজ বাসগৃহলৈ আনি প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু যুগ্মজীৱনৰ সাক্ষী হিচাপে বিগত ২০১৩ বৰ্ষত এগৰাকী কন্যা সন্তান জন্ম দিয়ে। পিছত জাকিৰৰ পত্নীয়ে নিজৰ কন্যা সন্তানসহ চাংসাৰিৰ পিতৃগৃহৰ পৰা স্বামীগৃহলৈ আহে।
কিন্তু অভিযোগ অনুসৰি, স্বামী জাকিৰৰ লগতে পৰিয়ালৰ লোকে সামান্য অজুহাত পালেই পত্নীৰ ওপৰত তীব্ৰ মানসিক তথা শাৰিৰীক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। তথাপি জাকিৰৰ পত্নীয়ে সকলো সহি যাবলৈ চেষ্টা কৰিছিল। কিন্তু অৱশেষত পৰিয়ালৰ নিৰ্যাতন চৰম পৰ্যায় পোৱাত জাকিৰৰ পত্নীয়ে স্বামী গৃহত ঢলি পৰে। যাৰ ফলত সমগ্ৰ শৰীৰ পেৰেলাইজ হৈ পৰে।
তেনে ক্ষেত্ৰত জাকিৰে পত্নীক চিকিৎসালয়ত লৈ যোৱাৰ পৰিৱৰ্তে বেজালি কৰি ঘৰতে জৰা ফুকা আৰম্ভ কৰে। ঢলি পৰাৰ পিছত তিনি দিনলৈকে জৰা ফুকা কৰি থকাৰ ফলশ্ৰুতিত সুস্থ হোৱা দূৰৰ কথা জাকিৰৰ পত্নী মৃতপ্ৰায় অৱস্থালৈ গতি কৰে। উক্ত বিষয়ে পত্নীৰ পিতৃ পৰিয়ালে অবগত হোৱাত ততাতৈয়াকৈ দিছপুৰ জি এন আৰ চিত ভৰ্তি কৰায়।
দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত জাকিৰৰ পত্নী সুস্থ হয় যদিও বৰ্তমান সময়তো চিকিৎসাধীন অৱস্থাত আছে। নিজৰ পত্নীক প্ৰয়োজনীয় চিকিৎসা কৰাবলৈ সক্ষম নোহোৱা জাকিৰে পত্নী চিকিৎসাধীন হৈ থকা অৱস্থাত খবৰ লোৱাৰ পৰাও বিৰত থাকে। চিকিৎসাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা জাকিৰে পত্নী পিতৃগৃহত চিকিৎসাধীন অৱস্থাত থকাৰ সুযোগ গ্ৰহণ কৰি এইবাৰ দ্বীতিয় বিয়া কৰোৱাৰ প্ৰস্তুতি চলায়।
বিষয় সন্দৰ্ভত অৱগত হোৱাত অসুস্থ শৰীৰে বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হৈ জাকিৰৰ পত্নীয়ে জাকিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।