ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উত্তৰ চিলাসূতি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আয়োজিত কলা শিক্ষা আৰু প্ৰকল্প প্ৰস্তুত প্ৰণালীৰ কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰিল। চিলাপথাৰ ফ্ৰণ্টয়াৰ ইউনাইটেড হাইস্কুলৰ প্ৰসংগত দুদিনীয়াকৈ আয়োজিত কৰ্মশালাৰ কালিৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মেঘনাথ টায়েই।
চি আৰ চি চি ডম্বৰু দিহিঙীয়াই আঁতধৰা কৰ্মশালাত ডায়েট, ধেমাজিৰ প্ৰবক্তা পবিত্ৰ কুমাৰ দাসে সমল ব্যক্তি হিচাপে উপস্থিত থাকি কয় যে, ছঁবি অঁকাৰ ফলত মানুহৰ ধৈৰ্য্য আৰু নিৰীক্ষণ শক্তি বৃদ্ধি পায় । লগতে তেওঁ শিক্ষাৰ্থী সকলৰ আগত বিভিন্ন প্ৰকাৰৰ ৰেখা অংকন আৰু ৰেখা ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰা,এঙাৰ,গছৰ বিভিন্ন ৰঙৰ পাত,ফুল আদিৰ পৰা লাভ কৰা প্ৰাকৃতিক ৰঙৰ জৰিয়তে অংকন কৌশল প্ৰদৰ্শন কৰে।
চিত্ৰ অংকনৰ বিশাল পৰিষৰ আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকল কিদৰে ভৱিষ্যতে লাভৱান হ'ব পাৰিব সেই বিষয়ে সাৰুৱা বক্তব্য দাঙি ধৰে। ইপিনে আজিৰ অন্তিম দিনটোত অষ্টম পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় প্ৰকল্প প্ৰস্তুত প্ৰণালীৰ কৰ্মশালা।
সমল ব্যক্তি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দেৱ,ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ধেমাজি জিলাৰ সমন্বয়ক পদ্ম কুমাৰ পাংগিং আৰু প্ৰণৱ দলেই সমল ব্যক্তি হিচাপে অংশ লৈ সংশ্লিষ্ট পাঠৰ বিষয় বস্তুৰ সৈতে সংগতি ৰাখি কিদৰে আকৰ্ষণীয় প্ৰকল্প তৈয়াৰ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়ে। উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সূৰ্যোদয় হাইস্কুলৰ প্ৰধান শিক্ষক ৰমেশ সোনোৱাল,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ দলে,শিক্ষক বুদ্ধিন ফুকনৰ লগতে আয়োজক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকে।
ইপিনে বিদ্যালয়খনত অহা ১২ জুলাই পৰ্যন্ত ছাত্ৰ ছাত্ৰী সকলৰ উপকৃত হব পৰাকৈ কেতবোৰ আকৰ্ষণীয় কাৰ্যসূচী ৰুপায়ন কৰা হ'ব বুলি আয়োজক বিদ্যালয়খনৰ প্ৰধান শিক্ষক মেঘনাথ টায়েই সদৰি কৰে ।