/asomiyapratidin/media/media_files/2025/04/03/XbH1pg4JpHorjlphMMrb.png)
কাৰ ভুলৰ বাবে চোৰৰ হাতত মুখ্যমন্ত্ৰীৰ গামোচা?
ডিজিটেল ডেস্ক: ব'হাগৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তি লৈ প্ৰেৰণ কৰিছে গামোচা। মুখ্যমন্ত্ৰীৰ পৰা ব'হাগৰ শুভেচ্ছা আৰু বিহুৱান লাভ কৰি বিভিন্নজনে সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছে ফটো। পিছে সেই তালিকাত এজন গভাইত চোৰৰ নাম দেখি আচৰিত হৈছে সকলো। প্ৰশ্ন উঠিছে, কাৰ ভুলৰ বাবে চোৰৰ হাতলৈ আহিল মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা গামোচা?
এই ঘটনা লখিমপুৰৰ। চিদা দাস নামৰ এজন যুৱকে লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা বিহুৱান। কিন্তু এইজন চিদা দাসৰ বিৰুদ্ধে আছে টিভি, ইনভাৰ্টাৰৰ বেটাৰী আৰু গাড়ী বেটেৰীৰ লগতে মোবাইল টাৱাৰৰ বেটাৰী চোৰৰ অভিযোগ। বছাগাঁৱৰ নিৱাসী চোৰটোৰ বিৰুদ্ধে লখিমপুৰ পানীগাওঁ থানাত আছে তিনিটাকৈ গোচৰ। আনকি থানাৰ ভিতৰতো ফটো লগাই থোৱা আছে এই গভাইত চোৰটোৰ। কিছুদিন পূৰ্বে গাওঁবুঢ়াই চিদা দাসৰ হাতত তুলি দিছিল মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা বিহুৱানখন। তাৰপাছতে অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।