ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰৰ পাছত কোন হ'ব আৰক্ষী সঞ্চালক প্ৰধান?

অহা ৩১ জানুৱাৰী ২০২৩ত কাৰ্যকাল শেষ হ'ব অসম আৰক্ষী বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

author-image
Asomiya Pratidin
New Update
ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰৰ পাছত কোন হ'ব আৰক্ষী সঞ্চালক প্ৰধান?

gp singh

ডিজিটেল ডেস্ক: অহা ৩১ জানুৱাৰী ২০২৩ত কাৰ্যকাল শেষ হ'ব অসম আৰক্ষী বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজ্য খনৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে দায়িত্ব পালন কৰিব জিপি সিঙে

Advertisment

মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত এই কথা সদৰি কৰে। স্থায়ী ভাৱে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আৰক্ষী বিভাগৰ পৰা কেইবাটাও নাম প্ৰস্তাৱ কৰা হৈছে গৃহ বিভাগলৈ।

গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মাই এই প্ৰক্ৰিয়া চোৱা চিতা কৰিছে। মুখ্যমন্ত্ৰীয়ে দিয়া ইংগিত মৰ্মে জি পি সিঙেই পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ সম্ভাৱণা আধিক।

আৰু পঢ়ক: জিনছ পিন্ধি অহা বাবেই আদালতৰ পৰা উলিয়াই দিলে অধিবক্তা বিজন মহাজনক,

gp singh bhaskar jyoti mahanta dgp Assam police