৯ জুনত খালী হ’ব লগা ৰাজ্যসভাৰ ২ খন আসন কাৰ…

৯ জুনত খালী হ’ব লগা ৰাজ্যসভাৰ ২ খন আসন কাৰ…

author-image
asomiyapratidin
New Update
৯ জুনত খালী হ’ব লগা ৰাজ্যসভাৰ ২ খন আসন কাৰ…

ডিজিটেল ডেস্কঃ অহা ৯ জুনত সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু শান্তিয়াজ কুজুৰৰ কাৰ্যকাল অন্ত পৰিব। উক্ত আসন ২ খনৰ বাবে ইতিমধ্যেই নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুযায়ী ২৮ মে'ত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ইতমধ্যে এই কথাও নিশ্চিত হৈছে যে, পূৰ্বৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে শান্তিয়াজ কুজুৰে পুনৰ নিৰ্বাচনী প্ৰাৰ্থীৰূপে থিয় নিদিয়ে। বিধানসভাত আসনৰ সংখ্যালৈ চাই দুয়োখন আসনতেই অকলশৰে বিজেপি দলে জয়লাভ কৰা সম্ভৱ নহয় যদিও মিত্ৰদলৰ সহযোগত এয়া সম্ভৱপৰ কৰি তুলিবলৈ ইতিপূৰ্বে যুগুতাই থোৱা হৈছিল পৰিকল্পলা।

Advertisment

এই পৰিকল্পনা মৰ্মে এখন আসন চৰকাৰৰ অংশীদাৰ মিত্ৰদল অগপৰ পচন্দৰ প্ৰাৰ্থীলৈ এৰাৰো প্ৰতিশ্ৰুতি লোকসভা নিৰ্বাচনৰ পূৰ্বেই অগপক দি থোৱা আছিল। কিন্তু শেহতীয়া নিৰ্বাচনী ফলাফলৰ পিছত দ্বিতীয়খন আসনৰ প্ৰাৰ্থী কোন হ'ব, অগপক এখন আসন এৰি দিয়া হ'ব নে নাই এই লৈ সৃষ্টি হৈছিল অনিশ্চয়তাৰ। যাৰ বাবে বিগত তিনিটা দিন দিল্লীত বাহৰ পাতিছিল অগপৰ শীৰ্ষ নেতাসকলে। আনহাতে বিজেপিৰ হাতত থকা প্ৰথমখন আসনৰ বাবে দলটোৱে ৰাম বিলাস পাছৱানক প্ৰক্ষেপ কৰাৰ কথা আহিছিল যদিও আজি নাটকীয়ভাৱে পট পৰিৱৰ্তন ঘটে।

শেহতীয়াকৈ জানিব পৰা মতে, বহু আলোচনা বিলোচনাৰ অন্তত প্ৰথমখন আসন বিজেপিয়ে নিজৰ হাতত ৰাখিলেও এই আসনৰ বাবে হোৱা নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে পূৰ্ব প্ৰক্ষেপিত ৰাম বিলাস পাছৱানৰ নাম প্ৰত্যাহাৰ কৰা হৈছে। দ্বিতীয়খন আসন অগপক এৰি দিয়াৰ সিদ্ধান্তও বিজেপিৰ হাই কমাণ্ডে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইফালে অগপ সূত্ৰৰ খবৰ মতে, অগপই লাভ কৰা আসনখনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ বৈশ্যই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা এক প্ৰকাৰ নিশ্চিত যদিও প্ৰথম খন আসনত বিজেপিৰ কোনো নেতা, প্ৰাক্তন সাংসদ অথবা আন কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব নেকি সেই কথা দলটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।

অৱশ্যে দিল্লীত নেডাৰ আহ্বায়ক তথা অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক ইংগিত দিয়া মতে, উক্ত পদত অসমৰ এগৰাকী ৰাজনীতিকে প্ৰতিদ্বন্দ্বিতা কৰিব।