AHSEC RESULT : সংবাদ মাধ্যম উত্তাল, আজি দিব নেকি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ?

AHSEC RESULT
AHSEC RESULT

ডিজিটেল ডেস্ক : ইতিমধ্যে বহু কেইটা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে অসমৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২৭ মে' অৰ্থাৎ আজি দিনৰ ৯ বজাত ঘোষণা কৰিব বুলি বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । সংবাদ মাধ্যমসমূহৰ দাবী অনুসৰি, পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ৰ ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থী সকলে লাভ কৰিব ফলাফল ।

কিন্তু কিমান দূৰ সত্য এই বাতৰি ? ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু অথবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা লাভ কৰা হোৱা নাই এই পৰ্যন্ত । পূৰ্বেও বহুবাৰ এনে ধৰণৰ ভুৱা বাতৰি প্ৰকাশ হোৱাৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে ঘোষণা কৰিছিল এনেধৰণৰ ভুৱা বাতৰিৰ চিকাৰ নহবলৈ ।

কিন্তু তাৰ পাছতো সংবাদ মাধ্যমসমূহ কোণো ধৰণৰ সত্যতা নিৰূপন নকৰাকৈয়ে কৰা বাতৰিয়ে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কৰিছে শিক্ষাৰ্থীসকলৰ মাজত । শিক্ষাৰ্থী তথা অভিভাৱকসকলে এনে ধৰণৰ বাতৰিৰ দ্বাৰা বিভ্ৰান্ত নহৈ উচিত ঘোষণাৰ প্ৰতি অপেক্ষা কৰাটোৱেই ফলপ্ৰসূ বুলি জনাইছে সচেতন মহলে ।

ইয়াৰ ওপৰিও শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিম্নোক্ত ৱেবচাইট কেইটাৰ জৰিয়তে লাভ কৰিব বুলি জানিব পৰা গৈছে -

ahsec.assam.gov.in

resultsassam.nic.in

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in