/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/hanj.jpg)
ডিজিটেল সংবাদ, ওৰাং: ওৰাং আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা। শনিবাৰে নিশা লাভ কৰা গোপন খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৭৭ কিলোগ্ৰাম কৈ গাঞ্জা।
ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবাহী গাঁৱৰ সঞ্জয় দৈমাৰী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে গাঞ্জাখিনি। ঘৰৰ গাহৰি ফ্ৰামত ধান খেৰেৰে ধাকি থৈছিল সঞ্জয় বসুমতাৰীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ধূত সঞ্জয় বসুমতাৰীয়ে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবীন্দ্ৰ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ দলে জব্দ কৰে গাঞ্জাখিনি। ইতিমধ্য ওৰাং আৰক্ষীয়ে NDPS পি.এছ 34 /2022 নম্বৰৰ U/S 20(b),(ii)(C) 29 act ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।