/asomiyapratidin/media/media_files/2025/06/13/SRu4antgv5vshwrls4Gi.jpg)
ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। ৰ’দে পুৰা এই ধৰাক শীতল কৰিবলৈ আহি আছে বৰষা। প্ৰখৰ গ্ৰীষ্ম প্ৰবাহত ত্ৰাহি মধুসুদন কাঢ়িবলৈ বাধ্য হৈছে সৰ্বস্তৰৰ জনতাই। এনে পৰিস্থিতিত সকলোৱেই এজাক বৰষুণৰ অপেক্ষাত কাঢ়িছে হুমুনিয়াহ।
accuweather ৰ তথ্য অনুসৰি ১৩ জুন, ২০২৫ শুকুৰবাৰে গুৱাহাটীৰ তাপমান ৩৭ ডিগ্ৰী চেলছিয়াছ। অৱশ্যে গৰমৰ অনুভৱ ৪৩ ডিগ্ৰী চেলছিয়াছৰ দৰে।
তাৰ মাজতেই গৰমত লেবেজান হৈ পৰা কেইবাখনো জিলাৰ বাসিন্দাৰ বাবে পিছে আছে ভাল খবৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১৩ ৰ পৰা ১৫ জুনলৈকে কেইবাখনো জিলাত আহিব বৰষুণ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে মৰিগাওঁ, নগাওঁ, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, মাজুলী, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহৰ সৈতে আহিব বৰষুণ।
সেইদৰে ১৪ জুন, শনিবাৰে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাওঁ, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, মৰিগাওঁ, নগাওঁ, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বতাহৰ সৈতে আহিব বৰষুণ।
তাৰোপৰি ১৫ জুন, দেওবাৰেও কেইবাখনো জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই জাননীয়ে নিশ্চয় বৰষুণৰ অপেক্ষাত থকা সৰ্বসাধাৰণৰ মনলৈ কিছু আশাৰ সঞ্চাৰ কৰিব। বৰষুণৰ অপেক্ষাতে গৰমৰ এনে প্ৰকোপক আৰু কেইটামান ঘণ্টালৈ সহ্য কৰাত সহজ কৰি তুলিব।