Loksabha Election 2024: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে দিব বিধি-পথালি...

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ হালধীয়া সতৰ্কবাণী জাৰি
Loksabha Election 2024: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে দিব বিধি-পথালি...
Loksabha Election 2024: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে দিব বিধি-পথালি...

ডিজিটেল ডেস্কঃ ১৯ এপ্ৰিলত দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰো ৫ টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব অষ্টাদশ লোকসভা নিৰ্বাচন (Loksabha Election 2024) ৰ ভোটগ্ৰহণ। লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিত ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে।

আজি অন্ত পৰিছে এই সমষ্টি কেইটাৰ প্ৰচাৰ অভিযান। তাৰ মাজতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক সতৰ্কবাণী দুঃচিন্তাৰ কাৰণ হৈ পৰিছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা আগন্তুক ৪ দিনৰ বতৰৰ আগলি বতৰা অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আটাইকেইখন জিলাতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১৯ এপ্ৰিলত শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ জিলাত, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাই আৰু গোলাঘাট জিলাত, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট জিলাত বিজুলী ঢেৰেকণিৰে আহিব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলা কেইখনত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।

ইয়াৰোপৰি অসমৰ আন কেইবাখনো জিলাৰ লগতে চুবুৰীয়া ৰাজ্য কেইখনতো আহিব বিজুলী, ঢেৰেকণিৰে প্ৰচণ্ড বৰষুণ। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলতে অসমৰ এই জিলা কেইখনৰ লগতে চুবুৰীয়া ৰাজ্য কেইখনত বতৰৰ এই পৰিৱৰ্তন হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত এই সময়ত ঘণ্টাত প্ৰায় ৩০/৪০ কিলোমিটাৰ বেগেৰে ধমুহা আহিব।

Loksabha Election 2024: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে দিব বিধি-পথালি...
চিলাপথাৰত ৰোড শ্ব' ৰে নিৰ্বাচনী প্ৰচাৰ সামৰিলে প্ৰদান বৰুৱা আৰু ঘনকান্ত চুতীয়াই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in