/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/koliabor1.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: জলসিঞ্চন নে ধনসিঞ্চন! কলিয়াবৰত সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত জলসিঞ্চনৰ আঁচনি। কৃষকে সুফল পাওক বা নাপাওক জলসিঞ্চন বিভাগৰ আঁচনিৰে জেপ গধুৰ হৈছে বিভাগীয় বিষয়া-অভিযন্তা-ঠিকাদাৰৰ। সংশ্লিষ্ট বিভাগৰ অপৰিপক্কতা তথা অদূৰদৰ্শিতাৰ বাৱেই পথাৰত পানীৰ অভাৱত বছৰ বছৰ ধৰি কৃষক ৰাইজে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিবলগীয়া হয় ৷ বৰষুনৰ পানীজাকেই শেষ ভৰষা হৈ ৰ'য় কৃষক ৰাইজৰ ৷
বিগত বিশ বছৰে কলিয়াবৰৰ কৃষকে লাভ কৰা নাই ব্ৰহ্মপুত্ৰৰ পৰা কলিয়াবৰৰ কৃষি পথাৰলৈ পানী যোগানৰ বাবে স্থাপিত এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহৎ কলং-কলিয়াবৰ জলসিঞ্চন আঁচনিখনৰ সুফল। ইয়াৰ বিপৰীতে ন-ন আঁচনিৰ নামত প্ৰতিবছৰে ৰাজভড়ালৰ পৰা ওলাই গৈছে কোটি কোটি টকা। শেহতীয়া ভাৱে, কৃষি পথাৰলৈ পানী যোগানৰ বাবে উপ-নলা নিৰ্মাণৰ নামত কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত চলিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি। কলিয়াবৰৰ সৰুভগীয়া,শিলঘাট,মাধতাৰি, পূবথৰীয়া আদিকে ধৰি কেইবাখনো পথাৰৰ মাজেৰে যোৱা জলসিঞ্চন বিভাগৰ পানী যোগানৰ মূল নলা সমূহ বিগত ২০ বছৰৰো অধিক কাল ধৰি বন্ধ।
বছৰ বছৰ ধৰি পানী নহাত এতিয়া পৰিত্যক্ত ব্ৰহ্মপুত্ৰৰ পৰা পানীযোগানৰ বাবে স্থাপিত এই নলাসমূহ। ইয়াৰ বিপৰীতে পৰিত্যক্ত হৈ থকা মূল নলাৰ পৰা পথাৰলৈ পানী যোগানৰ বাবে নতুনকৈ পুনৰ নিৰ্মাণ কৰা হৈছে উপ-নলাৰ। এই দৃশ্য দেখি কৃষক ৰাইজৰ প্ৰশ্ন- মূল নলাৰেই পানী নাহে, উপ-নলাৰে ক'ৰ পৰা আহিব পানী ? উল্লেখ্য যে, বিশ বছৰৰো অধিক কাল ধৰি বিকল হৈ পৰি আছে ব্ৰহ্মপুত্ৰৰ পৰা কৃষি পথাৰলৈ পানী যোগানৰ বাবে কলিয়াবৰৰ হাতীমূৰাত স্থাাপিত কলং-কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনিখন।
আঁচনিখনৰ এটা অংশ ব্ৰহ্মপুত্ৰৰ বালিত পোত খোৱাৰ লগতে এটা অংশ ইতিমধ্যেই বিক্ৰী কৰি দিছে চৰকাৰে। তাৰ পিছতো কিন্তু কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ অধীনত চলি আছে এনে উপনলা নিৰ্মাণৰ কাম। সৰুভগীয়া পথাৰত নতুনকৈ নিৰ্মাণ কাৰ্য চলিছে ৫০ মিটাৰকৈ দুটা উপনলাৰ। প্ৰতিটোত ব্যয়- ২লাখ ৬০ হাজাৰ টকা। কিন্তু নিম্নমানৰ সামগ্ৰীৰে নলা নিৰ্মাণ কৰি চৰকাৰী ধন সৰাধ কৰিছে বিভাগীয় অভিযন্তা-ঠিকাদাৰে। কেৱল সৰুভগীয়া পথাৰতেই নহয়, পূৱথৰীয়া, মাধতাৰি পথাৰতো নিৰ্মাণ হৈছে অনুৰূপ ৫ টাকৈ এনে উপনলা। ইয়াৰে কেইবাটাও উপনলা নিৰ্মাণৰ ধন ইতিমধ্যেই মোকলাই নিলে ঠিকাদাৰে।
য'ত মূল নলাৰেই পানী নাহে, তাত উপনলা নিৰ্মাণৰ নামত এইদৰেই চৰকাৰী ধন উদৰস্থ কৰিছে জলসিঞ্চন বিভাগৰ বিষয়া-অভিযন্তা-ঠিকাদাৰে।জলসিঞ্চন বিভাগৰ এনে লুণ্ঠনৰ বিৰুদ্ধে এতিয়া কৃষক ৰাইজৰ লগতে তদন্ত দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও। বিগত ২০ বছৰে পানী যোগানৰ মূল আঁচনিখন অক্ষম হৈ থকাৰ পিছতো পথাৰে পথাৰে পানী যোগানৰ বাবে উপনলা নিৰ্মাণৰ নামত কোটি কোটি টকাৰ সৰাধ হৈছে কলিয়াবৰত। প্ৰশ্ন হয়,বিভাগীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ চকুত পৰিবনে কৃষকক ৰামঠগন দি চলোৱা জলসিঞ্চন বিভাগৰ এই দুৰ্নীতি-অনিয়ম?
আৰু পঢ়ক:কাছাৰৰ ধলাইত বাৰ্মিজ চুপাৰি জব্দ…