কলিয়াবৰৰ নলতলি পথাৰত দুষ্প্ৰাপ্য শগুন উদ্ধাৰ

কলিয়াবৰৰ নলতলি পথাৰত দুষ্প্ৰাপ্য শগুন উদ্ধাৰ

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ নলতলি পথাৰত দুষ্প্ৰাপ্য শগুন উদ্ধাৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ নলতলিৰ পথাৰত দেওবাৰে আঘাত প্ৰাপ্ত এটা শগুন বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাওঁ খনত থকা কুঁহিপাত নাৰ্চাৰীৰ সন্মুখৰ পথাৰ খনত উদ্ধাৰ হৈছে শগুনটো।

Advertisment

বিশিষ্ট কৃষক গৌতম বৰাই অসুস্থ যেন লগা প্ৰকৃতিৰ জামাদাৰ শগুনটো প্ৰত্যক্ষ কৰি শিলঘাট বন বিভাগক খবৰ দিয়াৰ পাছতে বন বিভাগৰ লোকে শগুনটো উদ্ধাৰ কৰি বিভিগীয় কাৰ্যালয়লৈ লৈ যায়। যদিও পাছত শগুন টো সুস্থ হৈ পৰে আৰু মানুহক আক্ৰমণ কৰিবলৈ খেদি অহাৰ বাবেই বনাঞ্চলত মুকলি কৰি দিয়ে বুলি বন বিভাগৰ সুত্ৰই প্ৰকাশ কৰিছে।

এই ক্ষেত্ৰত প্ৰত্যক্ষদৰ্শী গৌতম বৰাই আক্ষেপেৰে কয় বিগত বিশ-পঁচিশ বছৰৰ ভিতৰত নলতলিৰ লগতে সমগ্ৰ কলিয়াবৰ অঞ্চলত শগুনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। পূৰ্বৰ দৰে শিমলু, আহত, বট আদি বৃহৎ গছৰ ওপৰত এই দুষ্প্ৰাপ্য প্ৰানী বিধ দেখিবলৈ নোপোৱা হৈছে। দুষ্প্ৰাপ্য প্ৰানী বিধ জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ ল'ব লাগে বুলিও তেওঁ মতপোষণ কৰে।

আৰু পঢ়ক: সত্ৰীয়া নৃত্য-গীত বাদ্যৰ বিদ্যালয়ৰ শুভ উদ্বোধন…

assam kaliabor