অসমৰ ৪ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮০.৭৪ শতাংশ

অসমৰ ৪ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ ৮০.৭৪ শতাংশ

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • মঙলবাৰে ১৫ ৰাজ্যৰ মুঠ ১১৬ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হয় ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • অসমৰ ৪ সমষ্টিত অনুষ্ঠিত হয় এই নিৰ্বাচন।
  • সন্ধিয়া ৭ বজালৈ অসমত মুঠ ভোটদানৰ হাৰ ৮০.৭৪ শতাংশ।
  • ইয়াৰে সৰ্ব্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে ধুবুৰী সংসদীয় সমষ্টিত।
  • সমষ্টিটোত ভোটদানৰ হাৰ সন্ধিয়া ৭ বজালৈ ৮৬.৯৪ শতাংশ।
  • সৰ্ব্বনিম্ন ভোটদান হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত।
  • সন্ধিয়া ৭ বজালৈ কোকৰাঝাৰত ভোটদানৰ হাৰ ৭৭.৩৮ শতাংশ।
  • আনহাতে বৰপেটা লোকসভা সমষ্টিত ৭৮.১১ শতাংশ ভোটদান সম্পন্ন।
  • গুৱাহাটীত ভোটদানৰ হাৰ সন্ধিয়া ৭ বজালৈ ৮০.২০ শতাংশ।