দেশৰ ১৩ ৰাজ্যত আজি ভোটযুদ্ধ : অসমৰ ৫ সমষ্টিত হ’ব ভোটগ্ৰহণ...

দেশৰ ১৩ ৰাজ্যত আজি ভোটযুদ্ধ : অসমৰ ৫ সমষ্টিত হ’ব ভোটগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
দিনৰ ১২-০০ বজালৈকে ডিফু সমষ্টিৰ ভোটদানৰ হাৰ...

ডিজিটেল ডেস্ক: ৰাজ্যৰ ৫টা সমষ্টিত আজি পুৱা ৭-০০বজাৰ পৰা বিয়লি ৫-০০ বজালৈকে অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। নগাঁও, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰি আৰু ডিফুত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ পৰ্ব।

Advertisment

আনহাতে অসমকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ মুঠ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই ১৩খন ৰাজ্য হ’ল অসম, বিহাৰ, ছত্তিশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগ।

উল্লেখ কৰা প্ৰয়োজন যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ মুঠ ১২০৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে ভিতৰত অসমৰ আছে ৬১গৰাকী প্ৰাৰ্থী। নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা ১৩ গৰাকী। একেদৰে শিলচৰৰ ৮গৰাকী, কৰিমগঞ্জৰ সৰ্বাধিক ২৪গৰাকী, দৰং-ওদালগুৰিৰ ১১গৰাকী আৰু ডিফুৰ ৫গৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Also Read: বাংগালুৰুৰ ৰাজকীয় প্ৰত্যাৱৰ্তন : গৃহ চহৰত থমকি ৰ'ল হায়দৰাবাদৰ অশ্বমেধ

LOKSABHA 2024 ELECTION 2024