একে মূল্যৰ ভোট দিবলৈ নেতা যায় বায়ুপথেৰে, ৰাইজ লুইতেৰে যায় বিপদ সংকুল ভটভটীৰে

একে মূল্যৰ ভোট দিবলৈ নেতা যায় বায়ুপথেৰে, ৰাইজ লুইতেৰে যায় বিপদ সংকুল ভটভটীৰে

author-image
asomiyapratidin
New Update
একে মূল্যৰ ভোট দিবলৈ নেতা যায় বায়ুপথেৰে, ৰাইজ লুইতেৰে যায় বিপদ সংকুল ভটভটীৰে

ডিজিটেল ডেস্কঃ ভোটৰ মূল্য সকলোৰে সমান যদিও ভোটাৰৰ মূল্য বেলেগ বেলেগ। এইবাৰৰ নিৰ্বাচনত অসংখ্য পুজিপতি প্ৰাৰ্থীয়ে দেশৰ ভিকহুৰ উন্নয়ন আৰু নিৰাপত্তাৰ শ্লোগান আওৰাই একেদৰে পদযাত্ৰা কৰি ভোটাৰৰ পদূলিয়ে পদূলিয়ে ভোট ভিক্ষা কৰাৰ পৰা আকাশ মাৰ্গেৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দলীয় নেতাৰ সঘন আহজাহ চলিছে। গুৱাহাটীৰে খানাপাৰা খেলপথাৰৰ পৰা ৩২ খনকৈ হেলিকপ্টাৰ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱাৰ বাবে হেলিকপ্টাৰযোগে দুদিন আগলৈকে শাসক বিৰোধী উভয় দলৰ নেতাই আহজাহ কৰাক লৈ উখল মাখল লাগি আছিল পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ।

তাৰ মাজতে বাইকৰ তেল শেষ হোৱাৰ দৰে হেলিকপ্টাৰৰ তেল শেষ হোৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনে আদবাটতে হেলিকপ্টাৰ এৰি গাড়ীৰে সভালৈ যাব লগা হোৱাৰ দৰে আমোদজনক ঘটনাও ঘটিছে। সেইদৰে হেলিকপ্টাৰ যোগাৰ নোহোৱাত দেশৰ খোদ ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুৱে এইবাৰ নিজৰ ভোটাধিকাৰে সাব্যস্ত কৰিব নোৱাৰিলে।

ভোটৰ মূল্য আৰু ভোটাৰৰ মাজৰ পাৰ্থক্য এয়াই। মঙলবাৰে গুৱাহাটীৰ ভোটগ্ৰহণত ভোটাৰ আৰু ভোটৰ মাজ পাৰ্থক্যৰ ছবিখন যেন অসমত আকৌ এবাৰ নতুন ৰুপত উদ্ভাসিত হৈ উঠিল।

দুটা ভোট দিবলৈ এখন বিশাল বিমানেৰে দিল্লীৰ পৰা বৃহৎ নিৰাপত্তাৰক্ষী দলসহ বিয়লি ২.৩০ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত পত্নীসহ উপস্থিত হৈছিলহি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং। কিয়নো প্ৰকৃত ঘৰ অসমত নহ'লেও ৰাজনৈতিক প্ৰয়োজনতে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৰুমটৰীয়াস্থিত এটা ঘৰ ভাড়ালৈ লৈ ক্ষমতাৰ প্ৰয়োজনত তেওঁ এতিয়ালৈকে হৈ আছে অসমৰ ভোটাৰ। সেইবাবে ৮,৫০০ টকীয়া ভাড়াঘৰৰ ঠিকনাৰে লাভ কৰা ভোটাৰ পৰিচয়পত্ৰ লগত লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰে বহু লাখটকীয়া ব্যয় সাপেক্ষে এঘণ্টিয়া অসম ভ্ৰমণ কৰিলে মনমোহন সিঙে। আগে পিছে নিৰাপত্তাৰক্ষীৰ বিশাল কনভয় লৈ দিছপুৰত উপস্থিত হোৱা ডঃ মনমোহন সিঙে দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত তেওঁৰ বহুমূলীয়া ভোট দি অসমৰ ভোটাৰ তালিকাত তেওঁৰ অৱস্থিতি নৱীকৰণ কৰি থৈ গ'ল।

যি সময়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰকে ধৰি অতি দুৰ্গম অঞ্চললৈ জীৱনৰ বাজি লগাই সাধাৰণ ভোটাৰে পুৱা ৫ বজাৰ পৰাই কোনোবা দলৰ প্ৰাৰ্থীক নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ বাবে পদব্ৰজে ৰাওনা হৈ ঘণ্টাৰ পিছত ঘণ্টা পৰ দিলে। সেই একে সময়তে চাৰিওটা সমষ্টিৰ বিভিন্ন স্থানত প্ৰভাৱশালী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ পৰা বৃহৎ পুজিপতি সাংসদ বদৰুদ্দিন আজমল, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ নৱ শৰণীয়া, গুৱাহাটীৰ ২ কোটিপতি প্ৰাৰ্থী কুইন ওজা আৰু ববিতা শৰ্মাৰ উপৰি উপমন্যু হাজৰিকা আৰু জোনমণি খাউণ্ডৰ লগতে হাতত ধন নাথাকিলেও শাসকীয় শক্তিক প্ৰত্যাহ্বান জনাবলৈ নিৰ্বাচনত থিয় দিয়া কোকৰাঝাৰৰ চি পি আই প্ৰাৰ্থী বিৰাজ ডেকা অথবা গুৱাহাটী সমষ্টিৰে এই ৩ কোটিপটি মহিলাৰ মাজৰে ৬১ হেজাৰ টকীয়া মামণি শৰ্মা অথবা ধুবুৰী সমষ্টিৰ সৰ্বনিম্ন বিত্তশালী প্ৰাৰ্থী নৃপেন দাসেও মঙলবাৰে ভোট দিছে। পিছে এই প্ৰাৰ্থীসকলৰ ভোটদান পৰ্বৰ পৰিৱেশো ভোটাৰৰ দৰেই বিচিত্ৰ।

কোনোবাই ভোট দিবলৈ যাওতে যদি আগে পিছে নিৰাপত্তা বাহিনীৰ ওপৰিও আছিল সংবাদমাধ্যমৰ কেমেৰা আৰু সমৰ্থকৰ খদমদম পৰিৱেশ, আন কোনোবাই আকৌ তেনেই সাধাৰণভাৱে ৰাইজৰ শাৰীত নিৰলে থিয় দি ঘন্টা, ডেৰ ঘম্টা পৰ্যন্ত অপেক্ষা কৰিছিল ভোটাৰ তালিকাত তেওঁৰ নম্বৰ পৰা লৈকে। বিভিন্ন সমষ্টিত কোচত কেঁচুৱা লৈ পুৱাই ভোট কেন্দ্ৰলৈ বুলি ঢাপলি মেলা বহুলোক ই ভি এমৰ বিসংগতিৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰখৰ ৰ'দত থিয় দি থাকিব লগা হৈছিল।

এনে অৱস্থাত মূৰ ঘূৰাই অচেতনো হৈছিল মহিলা। গোৱালপাৰাত এগৰকীৰ ভোটাৰৰ এনেদৰে মৃত্যুও হয়। কোকৰাঝাৰত আকৌ দলীয় সমৰ্থকৰ খণ্ডযুদ্ধত আহত হ'ব লগা হয় ৩ জনকৈ লোক। বৃহৎ বিদ্যালয় ভৱনত পতা ভোটকেন্দ্ৰত কম সংখ্যক ভোটাৰৰ উপস্থিতিৰ বাবে বহু কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোট পৰ্ব সমাপ্ত হ'লেও সৰু চৌহদৰ কোনোবা বিদ্যালয়ত আকৌ ২-৩ টা ভোটকেন্দ্ৰ থকাত অগণন ভোটাৰৰ ভিৰত বয়সস্থ আৰু কোচত কেঁচুৱা লৈ অহা মহিলা ভোটাৰৰ বাবে প্ৰখৰ ৰ'দত মঙলবাৰৰ ভোটদান পৰ্ব আছিল অতিকে কষ্টদায়ক।

গুৱাহাটী, ধুবুৰী আৰু বৰপেটা সমষ্টিৰ অন্তৰ্গত বহু চৰ এলেকাৰ ভোটকেন্দ্ৰলৈ লুইতৰ বুকুৰে ভটভটীত উঠি জীৱনৰ বাজি ৰাখি ভোট দিবলৈ যোৱাৰ দৃশ্যও আছিল অতিকে উদ্বেগজনক। কাৰোবাক ক্ষমতাৰ গাদীত বহুৱাবলৈ এইসকল লোকে কিদৰে ভোট দিবলৈ গৈছিল বা যায় সেই কথা ক্ষমতা লাভ কৰাৰ পিছত কোনো প্ৰাৰ্থীয়েই হয়তো মনত নাৰাখে। কাৰণ উৰাজাহাজেৰে যাওঁক বা পাল তৰা নাৱেৰেই যাওঁক, ৰ'দে পিঠিয়ে পোৰক অথবা বৰষুণত সৰ্ব শৰীৰ তিতি ৰোগাক্ৰান্তই হওকসকলো ভোটৰ মূল্য যে সমান কথা তেওঁলোকে অন্তত জানে।

আনৰ কান্ধত ভৰ দি ভোট দিবলৈ যোৱা অশিতিপৰ মহিলাগৰাকীৰ দৃষ্টিৰে তেওঁৰ ভোটটো বহুমূলীয়া হলেও প্ৰাৰ্থীৰ বাবে এই মূল্য কেৱল নিৰ্বাচনৰ দিনটোৰ বাবেহে যে প্ৰযোজ্য সেই কথা আইন, সংবিধান বা জনপ্ৰতিনিধিত্ব আইনে নকলেও প্ৰাৰ্থীসকলৰ দৃষ্টিত সেয়াই শুদ্ধ। মঙলবাৰৰে নিৰ্বাচনকৰ পৰিৱেশেও যেন আকৌ এবাৰ তাকে বুজালে।