তিতাবৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ভোটাৰ সজাগতা কাৰ্যসূচী

তিতাবৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ভোটাৰ সজাগতা কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
তিতাবৰত ৰাষ্ট্ৰীয়  সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ভোটাৰ সজাগতা কাৰ্যসূচী

ডিজিটেল সংবাদ, বেকাজানঃ ৰাষ্ট্ৰীয় সেৱা আঁচনি(এন .এচ এচ) গোট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট) যোৰহাটৰ উদ্যোগত দেওবাৰে তিতাবৰৰ তাঁতী গাওঁত এক ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি " মোৰ প্ৰথম ভোট দেশৰ বাবে " শীৰ্ষক বিষয় বস্তুৰ ওপৰত নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰসকলক তেওঁলোকৰ ভোটদানৰ গুৰুত্বতা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰোৱা হয় ।

সজাগতা কাৰ্যসূচীত নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰৰ অভিভাৱক,শিক্ষক দিলীপ হাজৰিকা আৰু অন্যান্য স্থানীয় ব্যক্তি উপস্থিত থাকে। ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া সুমিত কুমাৰ থাপাৰ তত্ত্বাৱধানত আৰু অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ক্ৰমে অনিস্মিতা হাজৰিকা, চয়নিকা সোনোৱাল, পৰিণীতা বৰা, অৰ্পণা শৰ্মা , শিল্পীশিখা শইকীয়া, ঋতুস্না সোণোৱাল, সুস্মিতা খাউণ্ড।

Also Read: ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ আহিছে : বদৰুল ইছলাম

votes