ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ আহিছে : বদৰুল ইছলাম

ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ  আহিছে : বদৰুল ইছলাম

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সভা দেওবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।উক্ত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ।

মুখ্য অতিথিৰ ভাষণত নেমছুৰ সভাপতি বদৰুল ইছলামে কয় যে ভাৰত স্বাধীন হোৱাৰ পিছত কোনো এখন চৰকাৰে আজিলৈ ধৰ্মীয় সংখ্যালঘূ জনতাৰ উন্নয়নৰ বাবে কাম নকৰিলে । ধৰ্মীয় সংখ্যালঘুূ সকল সদায় শোষিত -বঞ্চিত -লাঞ্চিত হৈ আহিছে আৰু মাথো ভোটবেংক হিচাপে ব্যৱহাৰ হৈ আহিছে। প্ৰতিটো নিৰ্বাচনৰ আগত ৰাজনৈতিক দলবোৰে বহু প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত সেয়া ফুটুকাৰফেনত পৰিণত হয়।

কি কংগ্ৰেছ , কি বিজেপি সকলো ৰাজনৈতিক দলবোৰ একেই বুলি মন্তব্যৰে নেমছুৰ সভাপতি বদৰুল ইছলামে বিটিচি চৰকাৰকো সমালোচনা কৰে । বিটিচি পাৰিষদত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ পৰা এজনো কাৰ্যবাহী সদস্য বা নিৰ্বাচিত সদস্য নাই ,আনকি মনোনিত সদস্য এগৰাকীও বিটিচি পাৰিষদত নাই বুলি মন্তব্য কৰে বদৰুল ইছলামে। লগতে কয় যে ইয়াৰ বাবেই বিটিআৰ এলেকাত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায় উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।

তেওঁ ৫০ বছৰ বয়সৰ উৰ্ধৰ ৰাজনীতিবিদসকলক পদ - ক্ষমতা এৰি যুৱ প্ৰজন্মৰ হাতত গটাই দিবলৈ আহ্বান জনাই, অন্যথা প্ৰতিশ্ৰুতি পালন নকৰা নেতাসকলক জাতিদ্ৰোহী বুলি ঘোষণা কৰা হ'ব বুলি কয়। ভোটাৰ ৰাইজৰ সহযোগত তেনে নেতাসকলক পহুখেদা দিয়া হ'ব বুলি মন্তব্য কৰি নেমছুৰ সভাপতি বদৰুল ইছলামে যি ৰাজনৈতিক দলে জাতি -বৰ্ণ- নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগতে সংখ্যালঘূ জনতাৰো উন্নয়ন সাধিব তেনে দল -প্ৰাৰ্থীৰ সতে সংখ্যালঘূ জনতা সদায় থাকিব বুলি মন্তব্য কৰে ।

আজিৰ সাধাৰণ সভাত নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ , সহকাৰী সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান , সাংগঠনিক সম্পাদক বাহাৰুল ইছলাম, প্ৰচাৰ সম্পাদক অৰ্শাদ আলী সহ সংগঠটৰো দুই শতাধিক সদস্য উপস্থিত থাকে৷

ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ  আহিছে : বদৰুল ইছলাম
মাজুলীৰ মুখাশিল্প আৰু সাচিপাতৰ চিত্ৰ অংকনে GI স্বীকৃতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in