/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/8cf086b2-a88d-4a71-9da0-0d69d0397995.jpg)
ডিজিটেল ডেস্কঃ যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ড বা ইলেকট্ৰলছ ফটো আই ডি কাৰ্ড (ইপিআইচি) নাই তেনেহ'লে চিন্তা নকৰিব। ইয়াৰ অবিহনেও আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে দিয়া ভোটৰ পৰিচয় পত্ৰ লগত নিয়াতো অতিকৈ প্ৰয়োজনী।
ইয়াৰ অবিহনে আপুনি তলৰ যিকোনো এক নথি লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। ভোটাৰ পৰিচয় পত্ৰৰ বিপৰীতে এইবোৰ নথিপত্ৰ দেখুৱালেও আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিব লাগিব ভোটগ্ৰহণ কেন্দ্ৰত। সেই ১২বিধ নথি হ'ল-
১. পাৰ পত্ৰ।
২. গাড়ী চালনৰ অনুজ্ঞাপত্ৰ।
৩. পান কাৰ্ড।
৪. ৰাজ্যসভাৰ কেন্দ্ৰীয় চৰকাৰে দিয়া ফটোযুক্ত পৰিচয় পত্ৰ।
৫. বেংক বা ডাক ঘৰে দিয়া ফটো থকা পাছবুকৰ কপী।
৬. শ্ৰম মন্ত্ৰণালয়ে দিয়া স্বাস্থ্য বীমাৰ কাৰ্ড।
৭. এমজিএনৰেগা জ'ব কাৰ্ড।
৮. আধাৰকাৰ্ড।
৯. ফটোসহ থকা পেঞ্চনৰ নথি।
১০. আৰ জি আই-য়ে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড।
১১. সাংসদ-বিধায়কে চৰকাৰীভাৱে প্ৰদান কৰা কাৰ্ড।
১২. নিৰ্বাচন আয়োগে প্ৰদান কৰা ফটোযুক্ত শ্লিপ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us