পৌৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসন

পৌৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসন

author-image
asomiyapratidin
New Update
পৌৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসন

ডিজিটেল সংবাদ,ধুবুৰী: গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ধুবুৰী জিলা প্ৰশাসনে৷ যোৱা ৬ মাৰ্চত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত ধুবুৰী জিলা পৰিষদত স্থাপন কৰা ষ্ট্ৰংৰুমত বন্দী হৈ আছে তিনিওখন পৌৰসভাৰ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভাগ্য৷

Advertisment

বুধবাৰে পুৱা ৮বজাৰ পৰা জিলা পৰিষদৰ নিৰ্দিষ্ট কক্ষত আৰম্ভ হ'ব ভোটগণনা ৷ ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ তত্বাবধানত সকলো সাজু কৰি তোলা হৈছে৷ ভোটগণনা সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰতিখন পৌৰসভাৰ বাবে সাজু কৰা হৈছে একোটাকৈ হল৷ অৰ্থাৎ মুঠ তিনিটা হলত সম্পন্ন হ'ব ভোটগণনা ৷

ধুবুৰী পৌৰসভাৰ ভোটগণনা ৬খন টেবুলত, গৌৰীপুৰ পৌৰসভাৰ ভোটগণনা ৫ খন টেবুলত আৰু গোলকগঞ্জ পৌৰসভাৰ ভোটগণনা ৪ খন টেবুলত কৰা হ'ব৷ প্ৰতিখন পৌৰসভাৰ ভোটগণনা তিনিটাকৈ ৰাউণ্ডত কৰা হ'ব৷ একোখন টেবুলত এটাসময়ত একোটাকৈ ৱাৰ্ডৰ ভোটগণনা কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ভোটগণনা প্ৰক্ৰিয়াত নিয়োজিত থাকিব ৪৫ গৰাকী বিষয়া-কৰ্মচাৰী৷ ইয়াৰোপৰি ৯ গৰাকী কৰ্মচাৰীক ৰিজাৰ্ভত ৰখা হ'ব৷ প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত ই ভি এমৰ ব্যৱহাৰ কৰা হৈছে আৰু সেয়ে ভোটগণনা প্ৰক্ৰিয়া পূৰ্বতকৈ খৰতকীয়া হ'ব বুলি আশা কৰা হৈছে৷

assam dhubri